Rupaliparda.com
চুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতেই জুবলীৰ দুখ প্ৰকাশঃ 1

চুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতেই জুবলীৰ দুখ প্ৰকাশঃ

বিগত দিনত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত “কা” বিৰোধী বিভিন্ন প্ৰতিবাদে গা কৰি উঠিছিল। বৰ্তমানেও এই প্ৰতিবাদৰ সাম কটা নাই। “কা” ক উদ্দেশ্যি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাইজে এই “নাগৰিকত্ব সংশোধনী আইন” খনৰ সুস্থ বিচাৰৰ বাবে চুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল।


কিন্তু, চুপ্ৰিম কোৰ্টেও যোৱাকালি এই আইন বলৱৎ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। উক্ত ঘোষণাৰ পিছতেই পুনৰ বাৰ চচিয়েল মিডিয়াত “কা” ক উদ্দেশ্যি বিভিন্ন জনে বিভিন্ন ধৰণৰ পোষ্ট কৰিছে। কন্ঠশিল্পী জুবলীয়ে ইনষ্টাগ্ৰাম একাউন্টত দিয়া পোষ্টৰ জৰিয়তে এতিয়া নিজৰ মন্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে, “এটা বেয়া অৱস্থালৈ ঢাল খাবলৈ গৈ আছে অসম তথা উত্তৰ-পূৰ্বাঞ্চল; বিধ্বস্ত হৈ যোৱা নিচিনা অনুভৱ কৰিছো। এটা শেষ আশা আছিল “চুপ্ৰিম কোৰ্ট” ৰ……… কিন্তু এতিয়া জানো কেতিয়াবা কাৰোবাক বিশ্বাস কৰিব পাৰিম??”

https://www.instagram.com/p/B578T8vnsvt/?utm_source=ig_web_copy_link
চুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতেই জুবলীৰ দুখ প্ৰকাশঃ 2


কন্ঠশিল্পী জুবলীৰ দৰেই বিভিন্ন জনে পোষ্ট কৰি চচিয়েল মিডিয়াত এতিয়া নিজৰ ক্ষোভ ব্যক্ত কৰিছে।

Add comment

Leave a Reply