“ক’ভিড ১৯” ৰ সন্ত্ৰাসে মাধমাৰ সোধালেও প্ৰত্যেকেই নিজ কৰণীয় খিনি কৰি যোৱাটো নিয়ম মানিয়ে দৈনন্দিন কামবোৰ কৰিছে। সংবাদদাতাই বাতৰি যুগোতাইছে; সংগীত শিল্পীয়ে চচিয়েল মিডিয়াতেই গীত পৰিৱেশন কৰি অনুৰাগীক আমোদ যোগাইছে আনহাতে অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন ধৰণে মনোৰঞ্জন কৰোৱাইছে দৰ্শকৰ। কোনোৱে কোনোৱে তেওঁলোকৰ পূৰ্বৰ শ্বুটিং ভিডিঅ’ অথবা ফটো সমূহ শ্বেয়াৰ কৰিও পূৰণা দিন বোৰ মনত পেলাইছে। “অৰ্ধাংগিনী” ৰ মৃত্তিক অথবা “নূপুৰ” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ নূপুৰক হয়টো আপোনালোকৰ এতিয়াও মনত আছে। আচলতে, থকাটো স্বাভাৱিক; কিয়নো তেওঁলোক অভিনীত ধাৰাবাহিক দুখনে ইতিমধ্যে আলোড়নৰ সৃষ্টি কৰিছিল দৰ্শকৰ মাজত। ধাৰাবাহিক দুখনৰ জনপ্ৰিয়তাই তেওঁলোকক টি.আৰ.পিৰ ক্ষেত্ৰতো আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। গতিকে, আপোনালোকৰ মাজলৈ আহি আছে আন এক সুঃখবৰ।

এইবাৰ টি.ভি পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব নূপুৰ আৰু মৃত্তিকক। “নমামী” শীৰ্ষক আগন্তুক ধাৰাবাহিক খনৰ জৰিয়তেই দেখিবলৈ পোৱা যাব এওঁলোকক। কামৰূপা ক্ৰিয়েচনৰ প্ৰযোজনাত নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” ত দেখা পাবলগীয়া উক্ত ন-যুঁটিটোক লৈ উৎসাহিতও হৈ আছে দৰ্শক সকল। অমিত কুমাৰ বৰাই পুনৰ বাৰ শ্বুটিং সময়ছোৱাৰ এখন ফটো আপলোড কৰি ধাৰাবাহিকখন মুক্তিৰ আগজাননী দিছে।
উল্লেখ্য যে, কামৰূপা ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ৰং চেনেলৰ ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে ইতিমধ্যে দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছিল।
Add comment