Rupaliparda.com
"নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন"- নন্দিনী কাশ্যপ 1

“নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন”- নন্দিনী কাশ্যপ

নন্দিনী কাশ্যপ; বহুতৰ বাবে এখন চিনাকী মুখ। কেইবাটাও মিউজিক ভিডিঅ’, ভিচিডি তথা কেমেৰাৰ সৈতে ঘনিষ্ঠতা থকা এখন জনসাধাৰণৰ প্ৰিয় মুখ। নৃত্য তথা অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা এই গৰাকী শিল্পীৰ প্ৰকল্প সমূহো হৈছে লেখত-ল’বলগীয়া। আগন্তুক কেইবাটাও উল্লেখনীয় প্ৰকল্পৰ সৈতে জড়িত নন্দিনীয়ে ৰূপালীপৰ্দাৰ সৈতে পাতিছিল এক্সক্লুচিভলি কিছু কথা-বতৰা। অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “নমস্কাৰ, মই নন্দিনী। প্ৰথমতে ৰূপালীপৰ্দাক মই অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো তোমালোকৰ প্ৰতিটো প্ৰকল্পৰ বাবে; তুমি কৰা প্ৰথমটো প্ৰশ্নৰ উত্তৰত মই এইটোৱে ক’ব লাগিব যে “অভিনয়” শব্দটো মোৰ নতুন চিনাকী নহয়। অভিনয়ৰ লগত মই সৰুৰ পৰাই জড়িত যদিও লাইমলাইটলৈ মই অহা নাছিলো। অভিনয়ৰ প্ৰথম শিক্ষা অৰ্থাৎ ইয়াৰ “অ-আ, ক-খ” শিকা মোৰ প্ৰথমজন গুৰু আছিল দীপক কুমাৰ ৰয় ছাৰ। তাৰ পিছত বিভিন্ন কৰ্মশালা যেনে ধৰা গ্ৰীষ্মকালীন নাট কৰ্মশালা, অসম সাংস্কৃতিক সঞ্চালকালয় আৰু অসম সাংস্কৃতিক ন্যায়ৰ উদ্যোগত হোৱা নাট কৰ্মশালা বোৰত মই ৩-৪ বছৰ ধৰি অংশগ্ৰহণ কৰিছিলো। তাৰ পিছতেই গুণাকাৰ দেৱ গোস্বামী ছাৰৰ ওচৰত “ষ্টেজ ড্ৰামা” ৰ শিক্ষা গ্ৰহণ কৰিছিলো। ঠিক তেনেকৈয়ে মই অভিনয়ৰ বিভিন্ন বিভাগৰ সৈতে চিনাকী হ’লো; কিন্তু ইয়াত এটা “কিন্তু আছে। দীপক কুমাৰ ছাৰৰ তাত কৰি থাকোতে ছাৰে মোক এখন ভিচিডিত অভিনয় কৰাৰ সুযোগ দিছিল। সুশান্ত মজিনদাৰৰ প্ৰযোজনাৰে ভিচিডি খনৰ নাম আছিল “ৰামধেনু”।”

"নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন"- নন্দিনী কাশ্যপ 2


তেওঁ আগলৈ কয় যে, “কোনো চিনেমা অথবা ধাৰাবাহিক নহয়; মই পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখীন হৈছিলো এখন ভিচিডিত; য’ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু অভিনেত্ৰী আইচেংফা বৰুৱাই। শিশু অভিনেত্ৰীৰ চৰিত্ৰটো ৰূপায়ন কৰিছিলো মই; এয়া মোৰ অভিনয় জীৱনৰ প্ৰথমটো অভিজ্ঞতা। ইয়াৰ পিছত মই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ “কমিচন” কাম এটা কৰিলো “কনকলতা” বুলি; সেইখনৰ পৰিচালক আছিল চন্দ্ৰ মুদৈ ছাৰ। ইয়াত কনকলতাৰ সৰু কালটো ৰূপায়ন কৰিছিলো মই আৰু ইয়াৰ ডাঙৰ কালটোত আছিল সকলোৰে মৰমৰ বৰষা বা। নেপালী ভিচিডিতো মই অভিনয় কৰিছিলো; এটা কথা এইখিনিতে মই ক’বলৈ বিচাৰিম যে এগৰাকী অভিনেত্ৰীৰ আগত মোৰ চিনাকী এগৰাকী সত্ৰীয়া নৃত্যশিল্পী ৰূপহে; আমাৰ যি ৭ বছৰীয়া পাঠ্যক্ৰম মই শিকি শেষ কৰিলো। ইয়াত মোৰ প্ৰথম গুৰু আছিল স্বৰ্গীয় হৰিপ্ৰসন্ন মহন্ত ছাৰ; তাৰ পিছত অসম চৰকাৰৰ CCRT স্কলাৰছিপ লাভ কৰি মই “গুণীম” উপাধি লাভ কৰিবলৈ সক্ষম হ’লো। মই এতিয়াও নৃত্য শিকি আছো নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰৰ ওচৰত। গতিকে এনেকৈ আৰম্ভ মোৰ অভিনয় যাত্ৰা; এটা দীঘলীয়া বিৰতিৰ পিছত মই “জনকনন্দিনী” ছবিখনৰ সৈতে জড়িত হ’লো আৰু ইয়াত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিলো।”

"নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন"- নন্দিনী কাশ্যপ 3


অভিনেত্ৰী গৰাকীক “অভিনয়” তেওঁৰ বাবে নিচা নে পেচা বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সঁচা কথা ক’বলৈ গ’লে নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন। সৰুৰে পৰা শিকি আহিছো, বহু কষ্ট-সংঘাতৰ মই সন্মুখীন হৈছো; মানুহে সচৰাচৰ কৈয়েই দেখোন যে “বোকাত পদুম ফুলে।” গতিকে, বহু খলা-বমা মই পাৰ কৰিছো, বহু ৰাতি অকলেই বহি এচুকত কান্দিছো। তথাপিও, মই হাৰ মনা নাই; যিমান পাৰো শিকিছো তথা অধ্যয়ন কৰিছো। মই হাতৰ আঙুলিত গণিব পৰাকৈ নাটক কৰিছো; কিন্তু বৰ্তমান এই ক্ষেত্ৰখনত যিহেটো সক্ৰিয় হৈ উঠিছো গতিকে ইয়াক মই নিচাৰ পৰা পেচালৈ ক্ৰমশ ধাৱমান কৰিছো। লগতে, পঢ়া-শুনাও কৰি গৈ আছো। মোক জ্যেষ্ঠ সকলোৱে পঢ়াটো নেৰিবলৈ উপদেশ দি আহিছে গতিকে মই সৰুৰে পৰাই দুফালে থকা দুটা বস্তুৰ মাজত সমিল ৰাখি আগবাঢ়ি গৈ আছো। অকণমান কষ্ট হৈছে যদিও ইয়াত মোৰ যথেষ্ট সুখ আছে।”

"নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন"- নন্দিনী কাশ্যপ 4


আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত অভিনেত্ৰী গৰাকীয়ে কয় যে, “আচলতে মই থলুৱা সংস্কৃতিৰ ওপৰত PhD অৰ্থাৎ ডক্টৰেট কৰিব বিচাৰো। আমাৰ যি সত্ৰীয়া সংস্কৃতি ইয়াক মই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছো। দুবাৰকৈ মই সত্ৰীয়া নৃত্য কৰিবলৈও গৈছিলো লণ্ডনত; গতিকে সেইটো মোৰ প্ৰথমটো খোজ আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰোৱাবলৈ। এইখিনি সপোন সঁচা কৰিবলৈ হ’লে আচলতে মই বহুখিনি অধ্যয়নো কৰিবলৈ আছে। এইখিনি আছিল মোৰ নৃত্যক লৈ থকা পৰিকল্পনা; বাকী অভিনয় ক্ষেত্ৰত থকা পৰিকল্পনা বুলি ক’বলৈ গ’লে মোৰ শিকিবলগীয়া বহুখিনি আছে। অভিনয়ৰ আগন্তুক প্ৰকল্প মোৰ বহু বেছি নাই যদিও যিখিনি প্ৰকল্প মোৰ ওচৰলৈ আহে সেইখিনিত আমাৰ সমাজৰ সাংস্কৃতিক দিশটো থকাটো বিচাৰো।

"নৃত্য আৰু অভিনয় মোৰ হৃদয়ৰ স্পন্দন"- নন্দিনী কাশ্যপ 5

সংস্কৃতিক প্ৰতিফলিত কৰা কামবোৰে মোক বেছি আকৰ্ষিত কৰে। শেষত মই কেইটামান কথা ক’বলৈ বিচাৰিছো যে, “মই আজি যিটো পৰ্যায়ত উপনীত হৈছো; সেইখিনিত মোৰ যথেষ্ট কষ্ট সংযোজন হৈ আছে। মোৰ মা-দেউতাই এখন ছবি প্ৰযোজনা কৰিছে আৰু তাত ছোৱালীজনীক মূখ্য চৰিত্ৰটো দি দিছে বুলি ক’লে হয়টো ভুল হ’ব। মই বহুত ঠেকা খাই শিকি আহিছো; তেনেকৈয়ে শিকিয়েই মই আজিৰ পৰ্যায় পাইছোহি। এতিয়া “নন্দিনী কাশ্যপ” বুলি ক’লে সকলোৱে যেতিয়া চিনি পায়; সেই চিনাকীটোৰ পিছত মোৰ মা-দেউতা, ভন্টিৰ সমৰ্থন, সঁহাৰি মোৰ সৈতে জড়িত হৈ আছে। গতিকে, এই ৰূপালীপৰ্দাৰ জৰিয়তে মোৰ সৈতে ওতঃপ্ৰোতভাৱে লাগি থকা মোৰ মাতৃ কুঞ্জলতা গগৈ দাসক মই ধন্যবাদ দিবলৈ বিচাৰিছো। ‘ধন্যবাদ” যদিও এটা সৰু শব্দ তথাপিও মই ক’বলৈ বিচাৰিম। আনহাতে, মোৰ দেউতাৰ নাম হৈছে ৰিংকু দাস।”

Add comment

Leave a Reply

Most popular

Recent posts

The Ultimate Managed Hosting Platform