Rupaliparda.com
"মিডনাইট চং" ৰ সাহসী পন্থাঃ দৰ্শকক আমোদ প্ৰদানৰ ইচ্ছাৰে আহি আছে ২৯ জানুৱাৰীত- 1

“মিডনাইট চং” ৰ সাহসী পন্থাঃ দৰ্শকক আমোদ প্ৰদানৰ ইচ্ছাৰে আহি আছে ২৯ জানুৱাৰীত-

“কা”, “ক’ৰোণা” আৰু যে ক’ত কি! দেশত হোৱা বিভীষিকাৰ লগতে সমগ্ৰ দেশৰ স্তব্ধতাই যে কেনেকৈ কাৰ ক্ষতিসাধন কৰিলে সেয়া হয়টো শব্দৰে বুজাই দিয়াটো টান। এই সময়ছোৱাত দৃঢ় হৈ সাহস দেখুওৱা জনেহে হয়টো সম্প্ৰতি সময়কণত কিবা নহয় কিবা এটা প্ৰাপ্তি কৰিবলৈ সক্ষম হৈছে। জীৱনযাত্ৰা, বহুতৰ উপাৰ্জন মাধ্যমৰ সলনি হোৱা লগতে মানসিকতাৰ সলনিও আমি দেখিবলৈ পাইছো। শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনক আৰু এঢাপ আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত এখন ছবিৰ অভিনেতা-অভিনেত্ৰী তথা পৰিচালক- প্ৰযোজক গোষ্ঠীয়ে এক সাহসী পন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ নাম হয়টো আপোনালোকক আকৌ এবাৰ কয় দিয়াৰ প্ৰয়োজন নাই; হয় আমি “মিডনাইট চং” ৰ কথাই কৈছো। অৰুণজিৎ বৰাৰ পৰিচালনা তথা অপৰাজিতা ভূঞাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে অসমীয়া চলচিত্ৰপ্ৰেমী দৰ্শকৰ হৃদয়তো এক আশাৰ সঞ্চাৰ বোৱাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে; কেৱল মাত্ৰ তিনিটা চৰিত্ৰৰ কাহিনীৰেই আৰম্ভণি আৰু সমাপ্ত হৈছে আগন্তুক ছবি “মিডনাইট চং”। ৰূপম চেতিয়া, কল্পনা কলিতা আৰু মনোজ বৰকটকী; এই তিনিগৰাকীৰ অভিনয়ত এক নতুন আৰু পূৰ্বতকৈ ব্যতিক্ৰমী সোঁৱাদ লাভত যে দৰ্শক সক্ষম হ’ব সেয়া একাষাৰে কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব।

"মিডনাইট চং" ৰ সাহসী পন্থাঃ দৰ্শকক আমোদ প্ৰদানৰ ইচ্ছাৰে আহি আছে ২৯ জানুৱাৰীত- 2


চাচপেন্স থ্ৰীলাৰ” ধৰ্মী এই ছবিখনত তথাকথিত সম্পৰ্কৰ জটিলতা ও বান্ধোনক উপস্থাপন কৰা হৈছে। এই ছবিখনৰ কাহিনী লিখিছে সঞ্জীৱ গিৰিৱেৰে। উক্ত ছবিখনৰ প্ৰযোজক অপৰাজিতা ভূঞা লগতে ইয়াৰ সহকাৰী প্ৰযোজক হৈছে মধুমিতা ভূঞা। অৰৱিন্দ য়াদৱৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰন্টু চেতিয়াৰ। ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ইয়াৰ প্ৰডাকচন মেনেজাৰ ৰূপে আছিল হিমেন বৰা। আনহাতে, পৰিচালনা টীমত আছিল নিৰুপম বৰবৰুৱা, দিলীপ দত্ত, সমৰ জ্যোতি সৰকাৰ আৰু য়তিস্মা তিৱাৰী।ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ অম্বৰ দাসৰ লগতে ইয়াত চাউণ্ড ডিজাইন আৰু RR মিস্কাৰ কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দেৱজিৎ চাংমাইয়ে।


এগৰাকী নৱাগত পৰিচালক ৰূপে অৰুণজিৎ বৰাই লাভ কৰা পূৰ্বৰ সফলতাই আচলতে গৌৰন্বিতও কৰি তুলিছে প্ৰত্যেককে। India International Film Festival of Boston ৰ লগতে Nepal International Film Festival ত ছবিখনে লাভ কৰা মনোনয়নে ছবিখনৰ বিশ্বমুখী জয়যাত্ৰাৰ কথা ইতিমধ্যে সোঁৱাৰাইছে। ইয়াৰ উপৰিও, ছবিখনে ফ্ল’ৰেন্স ফিল্ম এৱাৰ্ডছ ইটালী তথা Drook International Film Festival ত সন্মান লাভ কৰাৰ লগতে ছবিখনৰ পৰিচালক অৰুণজিৎ বৰাই নিউয়’ৰ্ক চিনেমেটো’গ্ৰাফী এৱাৰ্ডছত নৱাগত পৰিচালকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। কেৱল মাত্ৰ এয়াই নহয়; বিভিন্ন ঠাইত প্ৰদৰ্শনীৰ মনোনয়ন লাভ কৰাৰ লগতে ছবিখনত অভিনীত শিল্পী সমূহেও ছবি সমাৰোহৰ বিভিন্ন শিতানত মনোনয়ন লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform