২০১৬ চনত জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন চুটি ছবি “ডেট গাষ্টি মৰ্নিং”। গাষ্টি ৰ আভিধানিক অৰ্থ হৈছে ধুমুহা। ছবিখনতো শব্দটোক তেনে এক অৰ্থৰেই ব্যৱহাৰ কৰা হৈছে। “আলজেইমাৰ” বেমাৰ এটাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে উক্ত চুটি ছবিখন। “আলজেইমাৰ” অৰ্থাৎ কোনো ব্যক্তিৰ পুৰণি কথা বা স্মৃতি পাহৰণি গৰ্ভলৈ যোৱা অৱস্থা।
তিনিজনীয়া সুখী পৰিয়াল এটাত যেতিয়া কোনো এজন সদস্যৰ তেনে ধৰণৰ বেমাৰ হয় তেতিয়া সেই পৰিয়ালটোৰ বাকী সদস্যৰ মানসিক অৱস্থা কেনেধৰণৰ হ’ব পাৰে তাকেই সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে “ডেট গাষ্টি মৰ্নিং” ত। মহুূৰ্তৰ বাবে সকলো মনত পৰা তাৰ পিছ মহুুৰ্ততেই প্ৰত্যেকটো বস্তুয়েই পাহৰি যোৱা ভুক্তভোগী গৰাকীৰ মনস্তাত্বিক অৱস্হাৰ উঠা-নমাবোৰ ২১ মিনিটৰ ভিতৰত দৰ্শকক দিবলৈ চেষ্টা কৰিছে পৰিচালক জাহ্নু বৰুৱাই।
ছবি খনত মূল চৰিত্ৰ চাৰিটা ক্ৰমে সীমা বিশ্বাস, অৰুণ নাথ, কপিল বৰা আৰু উৰ্মিলা মহন্ত। পত্নীৰ চৰিত্ৰত থকা “সীমা বিশ্বাস” ৰ সেই নিৰ্দিষ্ট বেমাৰটো হোৱা ফলত স্বামী “অৰুণ নাথ” আৰু জী “উৰ্মিলা” ৰ ঘৰখন অথবা মাকক লৈ থকা দায়বদ্ধতা বোৰেৰে আৰম্ভ কৰা হৈছে ছবিখন। ছোৱালী চাবলৈ অহা ল’ৰা “কপিল বৰা” ৰ আগত মাকক লৈ অপ্ৰস্তুত হৈ পৰা ভংগিমাসমূহে হৃদয়স্পৰ্শী কৰি ছবিখন। ছবিখনৰ শেষ খণ্ডটো “পাছলৈ কি হ’ব” ভাৱত দৰ্শকৰ মাজত এৰি দিয়া হৈছে।
You may also like
ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা
এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ...
দৰথীৰ বিষয়ে –উৎপল মেনা
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...
লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা
৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী...
|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা
“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা
মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ...
|| ৱাইড এংগল ||–উৎপল মেনা
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...
Add comment