Rupaliparda.com
ৰঞ্জিতা বৰুৱাৰ সৰু সৰু ভিডিঅ'ৰে আনন্দঃ 1

ৰঞ্জিতা বৰুৱাৰ সৰু সৰু ভিডিঅ’ৰে আনন্দঃ

জীৱনৰ সৰু সৰু কিছুমান ক্ষণে আমাক প্ৰভাৱিত কৰে; কাৰোবাৰ সৈতে পতা সৰু সৰু কথাই হওঁক, কাৰোবাৰ লগত কটোৱা কিছু সময় অথবা আমি কৰি ভালপোৱা কিছু কামেই হওঁক, আমি মনত পেলাই বৰ ভাল পাওঁ। জীৱনটো জীয়াই যাবলৈ আমাক বৰ-বেছি ডাঙৰ অথবা অৰ্থবহুল বস্তুৰ প্ৰয়োজন নহয়; এই জীৱনটোক সুন্দৰকৈ অনুভৱ কৰিবলৈ আমাক লাগে কেৱল মাত্ৰ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংগ আৰু তেওঁলোকৰ সৈতে অতিবাহিত কৰা কিছুমান সৰু সৰু ক্ষণ। “লক-ডাউনে” বহু প্ৰতিভাক আমাৰ মাজলৈ উলিয়াই আনিছে । এগৰাকী অভিনেত্ৰী অথবা অভিনেতাই যে কেৱল মাত্ৰ অভিনয়তেই ব্যস্ত হৈ থাকে, তেনেকুৱা বুলি আপোনালোকে ভাবে নেকি? আচলতে, তেনে নহয়। এওঁলোকৰ তাত এনে কিছু সুপ্ত প্ৰতিভা আছে যিয়ে তেওঁলোকৰ অভিনয়ৰ সমান্তৰালকৈ সেই প্ৰতিভা সমূহকো আঁকোৱালি লয় লগতে সমাদৰো জনায়। তেনে এগৰাকী অভিনেত্ৰী হৈছে ৰঞ্জিতা বৰুৱা; লকডাউনৰ এই সময়চোৱাত তেওঁ নিজকে ব্যস্ত ৰাখিছে নিজৰ ভাল লগা কিছুমান কাম কৰি । চচিয়েল মিডিয়াত ইতিমধ্যে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ পৰিকল্পনাৰে আৰ্ট তথা এনিমেচন কৰি কিছু ক্লিপ শ্বেয়াৰ কৰিছে। সৰু সৰু মৰম লগা এই ভিডিঅ’সমূহে যেন মানুহৰ বাস্তৱ জীৱনৰ কিছু সৰু সৰু মূহুৰ্তক সংযোগ কৰিছে; সেইবাবেই শেহতীয়াকৈ এই ক্লিপ সমূহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্লিপসমূহত কৰা আৰ্টৱৰ্ক তথা বিষয়বস্তুসমূহ অভিনেত্ৰী ৰঞ্জিতা বৰুৱাৰ নিজৰেই। উল্লেখ্য যে “টম এণ্ড জেৰী”ৰ কাৰ্টুন চাই ভাল পোৱা অভিনেত্ৰী গৰাকী সৰুৰে পৰা আৰ্ট তথা এনিমেচনৰ প্ৰতি আগ্ৰহী আছিল । তেওঁ জনোৱা মতে তেওঁ কৰি থকা এই আৰ্ট আৰু এনিমেচনত একেবাৰে পৰিপক্ক নহয় । বিষয়টিৰ প্ৰতি আগ্ৰহ থকাৰ বাবে বিভিন্ন উৎসৰ পৰা জানি বুজি শিকিবলৈ চেষ্টাহে কৰিছে । লগতে অভিনেত্ৰী গৰাকীয়ে জনাই যে এই কামটো তেওঁ সম্পূৰ্ণভাৱে নিজৰ কাৰণে কৰিছে , নিজৰ মনৰ কথাবোৰ নিজৰ ধৰণে সজাই গৈছে মাথো নিজৰ বাবে । ইংৰাজীত যাক কোৱা হয় Self entertain , তাকেই কৰিবলৈ চেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়ে । লকডাউনৰ এই সময়ত নিজে ভাল পোৱা কাম এটা শিকিবলৈ চেষ্টা কৰিয়েই নিজকে ব্যস্ত ৰাখিছে অভিনেত্ৰী ৰঞ্জিতা বৰুৱাই; এয়া অৱশ্যে কোনো পেচাৰ বাবেই নহয়।


বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত এই সৰু সৰু ভিডিঅ’সমূহত তেওঁক মনোৰঞ্জন ক্ষেত্ৰখনৰ লগত জড়িত তেওঁৰ বন্ধু সকলেও কিছু পৰিমাণে সহযোগিতা আগবঢ়াইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰত ৫ বছৰ ধৰি অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা ৰঞ্জিতাই বৰ্তমানলৈ ভালেকেইটা গ্ৰহণযোগ্য প্ৰকল্পৰ সৈতে জড়িত হৈছে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত চুটি ছবি “দাই” টো অভিনেত্ৰী গৰাকীক এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল মনোজ বৰকটকী; ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিন্ন খন ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে চুটি ছবিখনত ৰূপায়ন কৰা চৰিত্ৰটোৰ বাবে সমাদৰো লাভ কৰিছে ৰঞ্জিতাই।তেওঁৰ আহিবলগীয়া আন কেইখনমান চুটি ছবি হৈছে _ ” সত্য – কী ” , ” Last Date ” , “lockdown short” আদি । আনহাতে, আহিবলগীয়া সময়ত অভিনেত্ৰী গৰাকীক “বূৰ্বকৰ খেল” নামে এখন বহু প্ৰত্যাশিত অসমীয়া ছবিত দেখিবলৈ পোৱা যাব। থ্ৰীলাৰধৰ্মী এই ছবিখনটো পূৰ্বতে নেদেখা এটি ব্যতিক্ৰমী চৰিত্ৰত দেখিবলৈ পোৱা যাব ৰঞ্জিতাক। ইয়াৰ উপৰিও ২০২০ চনৰ জানুৱাৰী মাহত চিত্ৰগ্ৰহণ সমাপ্ত হোৱা আন এখন পূৰ্ণদৈঘ্যৰ অসমীয়া ছবি ” Before Spring ” তো এক মুখ্য চৰিত্ৰত দেখা যাব অভিনেত্ৰীগৰাকীক । “লক-ডাউনে” য’ত একাংশ জনসাধাৰণক ব্যতিব্যস্ত কৰিছে; তাতেই আকৌ আনহাতে এনে কিছু প্ৰকল্পই জনসাধাৰণক উৎসাহিত কৰিছে।

ৰঞ্জিতা বৰুৱাৰ সৰু সৰু ভিডিঅ'ৰে আনন্দঃ 2


কম সময়তে অনুৰাগীৰৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি উলিওৱা ৰঞ্জিতা বৰুৱাক এনে প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform