শেহতীয়াকৈ ৰিল’ ভিডিঅ’ প্ৰস্তুকৰণেৰে সক্ৰিয় হোৱা অভিনেত্ৰী অমৃতা গগৈয়ে চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। অভিনয়ৰ সমান্তৰালকৈ তেওঁৰ এই ভিডিঅ’বোৰৰ অনুৰাগী হৈ পৰিছে এতিয়া প্ৰতিজন। কিছুদিন পূৰ্বে এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱা অমৃতা গগৈয়ে তেওঁৰ ব্যক্তিগত চেনেলটোৰ বাবে লাভ কৰিছিল “চিলভাৰ বুটাম”। ভিন্ন ধৰণৰ ভিডিঅ’ৰে তেওঁ নিতৌ অনুৰাগীৰ কাষ চপাৰ প্ৰয়াস কৰে। অসমীয়া ছবিক্ষেত্ৰৰ উল্লেখনীয় অভিনেত্ৰী অমৃতা গগৈক ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল। এই অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰিছিল যদিও ছবিখন মুক্তি পোৱা সময়ছোৱাতে ৰাজ্যত আৰম্ভ হোৱা “কা” বিৰোধী আন্দোলনে ছবিখনৰ বস্ক অফিচ কালেকচনত প্ৰভাৱ বিস্তাৰ কৰে। চলিত বৰ্ষতো অমৃতাৰ কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আছিল। ক’ৰোণা কালৰ বাবে এই ছবিসমূহ এতিয়া কেতিয়াকৈ মুক্তি লাভ কৰিব সেয়া এতিয়াও অনিশ্চয়তাৰ কবলত। উল্লেখ্য যে, “ছয়গাঁৱৰ চম্পা” লগতে “অহেতুক” ত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা অমৃতা গগৈৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। প্ৰায়ে বিভিন্ন পোষ্টৰ দ্বাৰা দৰ্শকক আপ্লুত কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ শেহতীয়া ৰিল ভিডিঅ’ সমূহ চাওঁ চোন আহকঃ
You may also like
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ –উৎপল মেনা
“স্থানীয় বজাৰ” সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই “বজাৰ কেন্দ্ৰীক চিনেচিন্ত”ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে “স্থানীয়...
জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা
ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰীৰ কাহিনীৰে নিৰ্মিত চিনেমা ‘জিয়া’ই মুক্তিৰ পূৰ্বেই অসমত চৰ্চা লাভ কৰিছে। বৰ্তমানৰ সমাজ ব্যৱস্থাটোত অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত।...
“কুহি” সংবাদ –উৎপল মেনা
চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ...
সুন্দৰপুৰ কেয়ছ, ঝুলন কৃষ্ণ মহন্তৰ চিনেকৰ্ম / ৰাফ-কাট –উৎপল মেনা
এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো “চৰ্চা” যেন একোটা গল্প। সন্দেহ নাই– প্ৰতটো “চৰ্চা”ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ...
অভিমন্যু/ চিনে চৰ্চা –উৎপল মেনা
“অভিমন্যু”– আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ৮ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ...
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
Add comment