১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন চলচিত্ৰ হৈছে “হালধীয়া চৰায়ে বাওঁধান খায়”। ১২০ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে স্বৰ্ণকমল বঁটা পোৱাৰ লগতে লাভ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। শৈলধৰ বৰুৱা তথা জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰযোজিত বোলছবিখন হোমেন বৰগোঁহাইৰ উপন্যাস “হালধীয়া চৰায়ে বাওঁধান খায়” ৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

এজন হোজা খেতিয়কৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা উক্ত বোলছবিখনৰ মূখ্য চৰিত্ৰ চাৰিটা। সামান্য এটুকুৰা মাটিক লৈয়ে খেতিয়কৰ চাৰিজনীয়া পৰিয়ালটোৰ জীৱন-মৰণ। সূত নাইবা বন্ধকী প্ৰথাত থকা নিয়মৰ পৰিপক্ক জ্ঞান নথকা খেতিয়ক জনে নিজ সৰ্বস্ব হেৰুৱাই পেলোৱা কাহিনীয়ে হৈছে “হালধীয়া চৰায়ে বাওঁধান খায়”। সেই সময়ৰ মহাজন সকলৰ একনায়ত্ববাদীতা অথবা তেওঁলোকৰ মতামত অনুসৰি হোৱা কাৰ্য্য সিদ্ধিৰ যি এক ধাৰা; তাক এখন জীয়া ছবিলৈ ৰূপান্তৰিত কৰিছে পৰিচালক জাহ্নু বৰুৱাই। মূখ্য চৰিত্ৰ “ৰসেশ্বৰ” ৰ অভিনয়ত থকা বিষ্ণু খাৰঘৰীয়াৰ সুন্দৰ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৰুষানুক্ৰমে খেতি কৰি অহা মাটি ডৰা মহাজনৰ ওচৰত বন্ধকত থৈ কিছুদিন পিছত মোকলাই আনিলেও বিশ্বাসৰ আধাৰত কোনো কাগজ পত্ৰ নোলোৱাত “ৰসেশ্বৰ” ৰ একমাত্ৰ পিতৃ সম্পত্তিক ঘৰলুকী কৰাৰ চেষ্টা কৰে “সনাতন” চৰিত্ৰৰ মহাজন গৰাকীয়ে। মাটি টুকুৰাক লৈ ৰসেশ্বৰে মহাজনৰ ওপৰত কৰা কেচ; সেই ন্যায়িক যুদ্ধত হোৱা ৰসেশ্বৰৰ জয়েই হৈছে বোলছবিখনৰ মূল কাহিনী।

বোলছবি খনৰ আন মূখ্য চৰিত্ৰত আছে পূৰ্ণিমা পাঠক শইকীয়া “ৰসেশ্বৰৰ পত্নী” লগতে প্ৰাঞ্জল শইকীয়া “হাকিম”। বোলছবিখনত “ঘোচ” ৰ দ্বাৰা সকলো কাম সমাধান কৰাৰ নিচিনা এক সজীৱ কাহিনী সন্নিৱিষ্ট হৈ আছে। য’ত একোজন ” হাকিম” ক লগ ধৰাৰ বাবদ তলতীয়া সকলো কৰ্মীক কেউ কিছু নোহোৱা স্বত্বেও এজন খেতিয়কে “খুচ” কৰা খাতিৰত দিবলগীয়া “ঘোচ” ৰ যি ছবি প্ৰতিফলিত কৰিছে; তাত পৰিচালক গৰাকী সফল বুলি ক’ব পৰা যায়।

বোলছবি খনত নিৰ্বাচনৰ সময়ৰো এটা জীয়া কাহিনী আছে। গাওঁ বাসীৰ একো একোটা ভোটৰ খাটিৰত তথা বিৰোধী দল শক্তিশালী হৈ উঠাৰ বাবদ গাঁৱৰ ৰাইজৰ বিশ্বাস জিকাৰ অৰ্থে কৌশলেৰে লোৱা মাটি টুকুৰা মহাজনে আকৌ ৰসেশ্বৰক ঘূৰাই দিয়া আদিয়ে দৰ্শকক আকৰ্ষণ কৰাত সফল হৈছে পৰিচালক গৰাকী।

গাওঁৰ নান্দনিক দৃশ্যৰ লগতে বোলছবিখনৰ চিনেমেট’গ্ৰাফী লেখত ল’বলগীয়া। সপ্তাহৰ এটা দিনত গাঁৱত বহা সাপ্তাহিক বজাৰখনক লৈ কৰা গাওঁবাসীৰ অপেক্ষা, ঘৰুৱা সুৰা, দুখীয়া যদিও পতি-পত্নীৰ মাজত থকা আন্তৰিকতা, কেঁচা ঘৰত ওপৰৰ চালিৰে সৰকি পৰা বৰষুণৰ পানী, নিজ সন্তানক পঢ়াই-শুনাই এজন ডাঙৰ মানুক কৰাৰ যি সপোন; তাক প্ৰতিফলিত কৰাত অভিনেতা-অভিনেত্ৰী সফল ।

বোলছবিখনৰ এটা “সংলাপে” দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হৈছে যেন ভাৱ হয়-
“নিজৰ বুলি একো নাথাকিলেও, ভোটতো আছে। মই কাক দিম, আপোনাক কেলেই ক’ম?”

উক্ত কথাষাৰতেই যেন নিহিত হৈ আছে সৰ্বস্ব। সাম্প্ৰতিক সময়ত কেইটামান টকাৰ লোভত ভোট কিনা হয় যদিও সেইটো সময়ৰ হোজা ব্যক্তি এজনে নিজৰ বুজন শক্তিৰে নিৰ্ধাৰণ কৰিবলৈ বিচাৰিছে এজন যোগ্য প্ৰাৰ্থী।
Add comment