জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই যদি প্ৰাক-স্বাধীনতা কালৰ এগৰাকী পৰিচালকৰ নাম ল’বলগীয়া হয় তেতিয়াহ’লে সেইজন হ’ব প্ৰমথেশ চন্দ্ৰ বৰুৱা। তেওঁৰ পৰিচালনাৰে ১৯৩৫ চনত বাংলা ভাষাত মুক্তি প্ৰাপ্ত “দেৱদাস” ছবিখনে দৰ্শকৰ ইমানেই অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল যে পিছলৈ উক্ত ছবি খনক অসমীয়া আৰু হিন্দী সংস্কৰণতো ছবিখন মুক্তি দিয়া হয়।

“দেৱদাস” ছবিখনৰ অসমীয়া সংস্কৰণে মুক্তি লাভ কৰে ১৯৩৭ চনত। ছবিখনত “দেৱদাস” ৰ চৰিত্ৰত অভিনয় কৰে নটসূৰ্য ফণী শৰ্মা। “পাৰ” চৰিত্ৰত অভিনয় কৰে জুবেদাই আৰু লগতে “চন্দ্ৰমুখী” ৰ চৰিত্ৰত অভিনয় কৰে মোহিনীয়ে। ছবিখনত সংযোজিত সংগীতত কন্ঠদান কৰে ড° ভূপেন হাজৰিকা আৰু চামছাঁদ বেগমে।

“দেৱদাস”ৰ বঙালী সংস্কৰণটো অন্য দুটা ভাষাতকৈ পূৰ্বেই মুক্তি লাভ কৰিছিল;১৯৩৫ চনত। ১৪১ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ চিত্ৰনাট্য তথা পৰিচালনাৰ লগতে অভিনয়ো কৰিছে প্ৰমথেশ বৰুৱাই। ইয়াৰ লগতে “চন্দ্ৰমুখী” চৰিত্ৰত অভিনয় কৰে চন্দ্ৰাৱতী দাসে লগতে “পাৰ” চৰিত্ৰত অভিনয় কৰে যমুনা বৰুৱাই। উল্লেখ্য যে, এই ছবিখনৰ সমগ্ৰ কপি “নিউ থিয়েটাৰ” ত লগা জুইৰ ফলত নষ্ট হৈ যায়। “বাংলাদেশ ফিল্ম আৰ্ছিভ” ত বৰ্তমান এটাই কপি আছে যদিও তাৰো ৪০ শতাংশ ধ্বংসৰ গৰাহত।


১৩৯ মিনিটৰ “দেৱদাস” ৰ হিন্দী সংস্কৰণত অভিনয় কৰিছিল কে.এল ছেইগেল। লগতে, “পাৰ” ৰ চৰিত্ৰত অভিনয় কৰিছিল যমুনা বৰুৱাই লগতে “চন্দ্ৰমুখী” ৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজকুমাৰীয়ে।
Add comment