Rupaliparda.com
বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ "কঃয়াদ-এ চাইলেন্ট ৱে" 1

বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ “কঃয়াদ-এ চাইলেন্ট ৱে”

২০১৪ চনত মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত মিচিং ভাষাত নিৰ্মিত এখন ছবি হৈছে “কঃয়াদ-এ চাইলেন্ট ৱে”। প্ৰায় ২৫ দিনযোৰা চলা ছবিখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈছিল দিছাংমুখৰ মনোমোহা প্ৰকৃতিৰ মাজত।
অসমৰ সৰু মিচিং গাঁৱত বসবাস কৰা জনসাধাৰণৰ জীৱনৰ কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন। অনিল পাংগিং ৰ দ্বাৰা লিখিত সাদিন আলোচনী খনত প্ৰকাশিত একে নামৰ উপন্যাসখন হৈছে উক্ত ছবিখনৰ মূল ভেঁটি।
ছবিখনৰ কাহিনী ভাগ এজন মিছিং ব্যক্তি “পৌকাম” নামৰ চৰিত্ৰটোৰ ওচৰে-পাজৰে ঘূৰিছে। উল্লেখ্য যে, ছবিখনে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা লাভ কৰাৰ লগতে সমালোচকৰ পৰাও লাভ কৰে সমাদৰ। ছবিখনে লাভ কৰা বিভিন্ন বঁটা সমূহ হৈছে ক্ৰমে-

বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ "কঃয়াদ-এ চাইলেন্ট ৱে" 2

১.লাডাখ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

২. ডা ইণ্ডিয়ান ফিল্মছ কম্পিটিছনত জুৰীৰ সুচিত্ৰ সন্মান- ২০১৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত ষষ্ঠ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা।

বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ "কঃয়াদ-এ চাইলেন্ট ৱে" 3

৩.২০১২ চনত অনুষ্ঠিত ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা।

৪. ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অষ্টম অনুসূচীত অনা-অন্তৰ্ভুক্ত ভাষাৰ ছবিৰ শ্ৰেণীত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা।

৫. ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ বঁটা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.