Rupaliparda.com
গুগলত "Painless Death" ৰ বিষয়ে চাৰ্চ কৰিছিল সুশান্ত সিং ৰাজপুতেঃ 1

গুগলত “Painless Death” ৰ বিষয়ে চাৰ্চ কৰিছিল সুশান্ত সিং ৰাজপুতেঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি দুমাহ হৈ গ’ল যদিও তেওঁৰ মৃত্যুৰ বিষয়ৰ পৰা কোনো ওলাই আহিব পৰা নাই। অভিনেতা গৰাকীয়ে আত্মহত্যা কৰা বুলি স্পষ্টভাৱে কৈ দিয়া পিছতো তেওঁৰ এই কথাটোক কোনোজন অনুৰাগীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য সকলেও মানিবলৈ সাজু হোৱা নাই। আনহাতে, সুশান্তৰ পিতৃয়ে এজাহাৰ দাখিল কৰা পিছতেই বিহাৰ পুলিচে ইয়াক লৈ পূৰ্ণদ্যমে নিজৰ তদন্ত অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুসৰি, সুশান্তৰ মৃত্যুৰ পূৰ্বে অভিনেতা গৰাকীয়ে গুগলত কেইবাটাও বস্তু চাৰ্চ কৰি চাইছিল। ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত আছিল সুশান্তৰ মৃত্যুৰ কিছুদিন পূৰ্বে আত্মহত্যা কৰা তেওঁৰ পূৰ্ব মেনেজাৰ দিশা সালিয়নৰ নামো। ইয়াৰ সমান্তৰালকৈ, সুশান্তে কেইবাটাও মানসিক বেমাৰৰ নামো বিচাৰ কৰি চাইছিল গুগলত। ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত আছিল “Bipolar Disorder, Schizophrenia আৰু Painless Death ৰ।

গুগলত "Painless Death" ৰ বিষয়ে চাৰ্চ কৰিছিল সুশান্ত সিং ৰাজপুতেঃ 2


বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বিভিন্ন ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। তেওঁৰ মৃত্যুৰ পিছত যে কেৱল মাত্ৰ বলীউড ক্ষেত্ৰখনেই খালী হৈ পৰিছে তেনে নহয়; তেওঁৰ মৃত্যুৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ অভিনয় ও শিল্পী ক্ষেত্ৰখনতে। মৃত্যুৰ ইমান দিন পিছলৈও তেওঁৰ ফটো অথবা ভিন্ন পোষ্ট প্ৰত্যেকেই চচিয়েল মিডিয়া যোগে আপলোড কৰি অভিনেতা গৰাকীৰ স্মৃতি ৰোমন্থন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform