Rupaliparda.com
কল্লোল বৰঠাকুৰৰ ৰাজনৈতিক দলত যোগদানঃ আকৌ ট্ৰোল হ'ল "শিল্পী"- 1

কল্লোল বৰঠাকুৰৰ ৰাজনৈতিক দলত যোগদানঃ আকৌ ট্ৰোল হ’ল “শিল্পী”-

সমুখত নিৰ্বাচন; পূৰ্ণৰূপত চলিছে নিৰ্বাচনী প্ৰচাৰ তথা ৰাজনৈতিক সভা। কিন্তু আনহাতে চলিছে কন্ঠশিল্পী তথা কলা-কুশলীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত কৰা যোগদান চৰ্চা। বিগত সময়ত বিজেপি, কংগ্ৰেছত অংশগ্ৰহণ কৰা শিল্পী সমূহে দেখুৱাই দিয়া বাটত এইবাৰ খোজ পেলাইছে কন্ঠশিল্পী কল্লোল বৰঠাকুৰে। শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে কন্ঠশিল্পী গৰাকীয়ে। যোগদান কৰিয়ে তেওঁ চচিয়েল মিডিয়া যোগে এই খবৰ জনসাধাৰণৰ মাজত ব্যক্ত কৰে। তেওঁ কয় যে, “সকলো অসমবাসী ৰাইজৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা বুকুত বান্ধি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে অাজি যোগদান কৰিলো। অনাগত দিনত ৰাইজৰ আৰু মাতৃভূমিৰ হকে এই দলৰ যোগেদি সেৱা আগবঢ়াই যাম।” গোলাঘাটৰ লেটেকুজানত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৯৯ চনত পোন প্ৰথমবাৰৰ সংগীত জগত খনত খোজ পেলাইছিল। তাৰ পিছৰ পৰাই তেওঁৰ অব্যাহত আছিল এগৰাকী কন্ঠশিল্পী হিচাপে তেওঁৰ সফল যাত্ৰা।

কল্লোল বৰঠাকুৰৰ ৰাজনৈতিক দলত যোগদানঃ আকৌ ট্ৰোল হ'ল "শিল্পী"- 2
কল্লোল বৰঠাকুৰৰ ৰাজনৈতিক দলত যোগদানঃ আকৌ ট্ৰোল হ'ল "শিল্পী"- 3


“ছিলঙৰে গধুলি, নামি আহে কুঁৱলি” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায় লগতে অসমীয়া সংগীত ক্ষেত্ৰখনত যদি জনপ্ৰিয় কন্ঠশিল্পীৰ নাম ল’বলগীয়া হয় তেন্তে কল্লোল বৰঠাকুৰৰ নাম লোৱাটো বাহুল্য। অনুৰাগীৰ দীঘলীয়া শাৰী থকা স্বত্বেও কন্ঠশিল্পী গৰাকীও কিন্তু বাচি যোৱা নাই সমালোচনাৰ পৰা; য’ত একাংশই শুভকামনা জনাইছে তাতেই আকৌ একাংশই তেওঁৰ এই পোষ্টটো পোৱা পিছতেই তেওঁক সমালোচনা কৰাৰ উপৰিও ফেচবুকৰ ফ্ৰেণ্ডলিষ্টৰ পৰা আঁতৰাই দিয়াৰ কথাও প্ৰকাশ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform