Rupaliparda.com
২০০০ টা সফল খণ্ডৰে "বেহাৰবাৰী আউটপোষ্ট"- 1

২০০০ টা সফল খণ্ডৰে “বেহাৰবাৰী আউটপোষ্ট”-

ৰেঙণি যোগে প্ৰচাৰিত আটাইতকৈ দীঘলীয়া ধাৰাবাহিকৰ ভিতৰত এখন হৈছে “বেহাৰবাৰী আউটপোষ্ট”। মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখন যোৱা ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি যোগে সন্ধিয়া ৮ বজাত প্ৰচাৰ কৰা হৈছে। বৰ্তমানেও এই একেখিনি সময়ত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্টে” সম্পূৰ্ণ কৰিলে ২০০০ টাকৈ খণ্ড। কে কে-মোহনৰ যুঁটি লগতে নতুনকৈ অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ সংযোজনে ধাৰাবাহিকখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে। দেশত সংঘটিত কিছু গুৰু-গম্ভীৰ বিষয়ৰ আঁত ধৰি ধাৰাবাহিকখনে আমোদৰ জৰিয়তে দৰ্শকক প্ৰদান কৰে বহু গুৰুত্বপূৰ্ণ বাৰ্তা। কে কে-মোহনৰ ধেমালিয়ে প্ৰত্যেকটো সন্ধিয়া দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়ে। তেওঁলোকৰ এই দীৰ্ঘদিনীয়া যাত্ৰাত আমি ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অলেখ শুভকামনা। জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে। জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে।

২০০০ টা সফল খণ্ডৰে "বেহাৰবাৰী আউটপোষ্ট"- 2
২০০০ টা সফল খণ্ডৰে "বেহাৰবাৰী আউটপোষ্ট"- 3


ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টিভংগীৰ যি সুন্দৰ প্ৰকাশ তাত সফল “বেহাৰবাৰী আউটপোষ্ট”। ২০০০ টা খণ্ডৰ শ্বুটিং সম্পূৰ্ণ কৰি ইতিমধ্যে উৎসাহিতও হৈ পৰিছে ধাৰাবাহিক খনৰ সৈতে জড়িত প্ৰতিজন অভিনেতা-অভিনেত্ৰীকে ধৰি কলা-কুশলী সকল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform