Rupaliparda.com

প্ৰাঞ্জল প্ৰান্তিকৰ কথা, সুৰ আৰু কন্ঠৰে আহি আছে “কাঁচিয়লি জোন”-

সংগীত ক্ষেত্ৰখনক লৈ নিজৰ সৰ্বোচ্ছ উছৰ্গা কৰা একাংশ কন্ঠশিল্পীক লৈ অৱশ্যে সঁহাৰি জনায় শ্ৰোতা সমাজেও। তেওঁলোকৰ সৃষ্টিসমূহক লৈ অপেক্ষা কৰাৰ লগতে তেওঁলোৰ প্ৰতিটো প্ৰচেষ্টাক লৈ উৎসাহিত হৈ থাকে শ্ৰোতাসকল। বৰ্তমান পৰিপ্ৰেক্ষিতত, সংগীতক লৈ এনেদৰে উচৰ্গিত একোজন কন্ঠশিল্পীৰ উদাহৰণ আমি বহুকেইটা দিব পাৰো; যাৰ গীতসমূহ ইটোৰ পিছত সিটোকৈ আহি নাথাকিলেও একোটা গীতক লৈ তেওঁলোকৰ প্ৰচেষ্টা থাকে দীৰ্ঘদিনীয়া। প্ৰাঞ্জল প্ৰান্তিক; এনে এগৰাকী কন্ঠশিল্পী যাৰ জীৱনত সংগীতৰ প্ৰাধান্য অইন বহু বস্তুতকৈ উৰ্দ্ধত। মেট্ৰিক পৰীক্ষা দি সংগীত ক্ষেত্ৰখনত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰান্তিকৰ ইতিমধ্যে মুক্তিপ্ৰাপ্ত ভালেসংখ্যক গীতে তেওঁৰ অনুৰাগীৰ শাৰী দীঘলীয়া কৰাৰ লগতে গীতকেইটাই শ্ৰোতা-দৰ্শকক আজুৰিবলৈও সক্ষম হৈছে। সংগীতৰ এটা প্ৰকাৰতেই ব্যস্ত নাথাকি প্ৰতিটো প্ৰকাৰতেই নিজক ঢাল খুৱাবলৈ চেষ্টা কৰে প্ৰাঞ্জল প্ৰান্তিক সাজু হৈছে তেওঁৰ এটি নতুন গীতৰ মুক্তিৰ বাবেই। “কাঁচিয়লি জোন” শীৰ্ষক এটি নতুন ৰোমাণ্টিক গীতৰ সৈতে আহিবলৈ সাজু হৈছে নৱপ্ৰজন্মৰ এই কন্ঠশিল্পী গৰাকী। গীতটিৰ এটি চমু টিজাৰ মুক্তিৰ পিছতেই গীতটিক আঁকোৱালিবলৈ প্ৰস্তুত হোৱা শ্ৰোতাৰ সংখ্যা দিনে-দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে; কিয়নো গীতটিৰ দুই-তিনিটা শাৰীতেই জনসাধাৰণ মুগ্ধ হৈছে। বৰ্তমানলৈ গীতটিৰ এইকেইটা শাৰীক লৈয়ে প্ৰায় ১০০০ টাতকৈ অধিক ৰীল ভিডিঅ’ৰ সৃষ্টি হৈছে।

https://www.instagram.com/p/CPNr4hZj83z/?utm_source=ig_web_copy_link


নৱপ্ৰজন্মৰ সৃষ্টি সমূহক লৈ বৰ্তমান সাধাৰণজনৰ সমান্তৰালকৈ একোগৰাকী প্ৰতিষ্ঠিত সংগীতশিল্পীও অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো। আমি পুনৰ আহো প্ৰাঞ্জল প্ৰান্তিকৰ “কাঁচিয়লি জোন” শীৰ্ষক গীতটিৰ মাজলৈ; এই গীতটিক লৈ খুবেই আশাবাদী কন্ঠশিল্পী প্ৰাঞ্জল প্ৰান্তিক। আকৌ, প্ৰাঞ্জল প্ৰান্তিকৰ সৈতে এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে নৱপ্ৰজন্মৰেই আন এগৰাকী প্ৰতিভা পৰিস্মিতা শৰ্মাই; আনহাতে ইয়াত কথা আৰু সুৰ কৰিছে প্ৰাঞ্জলে নিজেই। সংগীতৰ দায়িত্বত আছে প্ৰণয় দত্ত; গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু, কাহিনী, পৰিচালনা, দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা তিৰাপ সীমান্ত মেধিৰ; ভিডিঅ’ পৰিচালক তিৰাপৰ পৰিচালনাৰে বৰ্তমানলৈ কেইবাটাও গীতে মুক্তি লাভ কৰাৰ লগতে সেইসমূহ প্ৰশংসিতও হৈছে বহুল হাৰত। সমান্তৰালকৈ, গীতটিৰ ভিডিঅ’ প্ৰাঞ্জল প্ৰান্তিকৰ সৈতে অভিনয় কৰিছে সুৰভী দাসে; বৰ্তমান প্ৰায়বোৰ প্ৰকল্পৰ সৈতে জড়িত সুৰভী দাস পৰিচালক সকলৰ বাবে প্ৰথমটো নিৰ্বাচন বুলিলেও হয়টো অতিৰঞ্জিত নহ’ব। ৰং চেনেলযোগে সম্প্ৰচাৰিত “আহিনৰ আবেলি” শীৰ্ষক ধাৰাবাহিকখনৰো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰি আছে অভিনেত্ৰী সুৰভী দাসে।

প্ৰাঞ্জল প্ৰান্তিকৰ কথা, সুৰ আৰু কন্ঠৰে আহি আছে "কাঁচিয়লি জোন"- 1


মৰিগাওঁত শ্বুটিং সম্পূৰ্ণ হোৱা এই গীতটিক অতিশীঘ্ৰেই মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। প্ৰাঞ্জল প্ৰান্তিকৰ সৈতে সমগ্ৰ টীমটোক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform