Rupaliparda.com
"মাথো সলনি হয় সময়, মন আজিও একে", বেদান্ত হাজৰিকাৰ নতুন কবিতাঃ 1

“মাথো সলনি হয় সময়, মন আজিও একে”, বেদান্ত হাজৰিকাৰ নতুন কবিতাঃ

কথাতে কয়, কবিয়ে হেনো কল্পনাত সপোন ৰচে। নিঁয়ৰৰ কণিকাটো তেওঁলোকে মুকুতা বাচে। স্কুলীয়া পাঠ্যক্ৰমসমূহত অন্তৰ্ভূক্ত কবিতাসমূহৰ লগতে আমি প্ৰায়ে অইন কবি সমূহৰ কবিতাসমূহকো পঢ়িবলৈ বিচাৰোঁ; তেওঁলোকৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ আমি প্ৰায়ে বুজিবলৈ চেষ্টা কৰোঁ। কবিতা আৰু সংগীতৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি সকলোৱে কয়। এটা দিশৰ পৰা উদাহৰণ দিবলৈ হ’লে আপোনালোকে নিজেও হীৰু দাৰ যথেষ্ট সংখ্যক কবিতাৰে নিৰ্মাণ হোৱা গীতসমূহ শুনিছে। আজি আমি আপোনালোকৰ মাজলৈ কোনো গীত অথবা তাৰ আঁৰৰ কণ্ঠশিল্পীক লৈ অনা নাই । আমি আজি আপোনালোকক কবিতা এটাকে শুনাব বিচাৰিছোঁ, শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কবিতাটিয়ে খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ নাম হৈছে ‘হাজাৰবাৰ প্ৰেমত পৰিম’। কবিতাটিৰ কথাই আপ্লুত কৰিছে প্ৰত্যেককে। মনোৰঞ্জন হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হ’বলৈ চেষ্টা কৰে। দেশত চলি থকা অমানৱীয়তা, অন্যায়, দূনীৰ্তি, ভ্ৰষ্টাচাৰ আদিবোৰৰ উৰ্দ্ধত জনসাধাৰণক কিছু সময়ৰ অৱকাশ, স্ফূৰ্তিৰ প্ৰয়োজন হয় আৰু এই আটাইবোৰৰ মাজত তেওঁলোকক প্ৰয়োজন হয় মনোৰঞ্জনৰ।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ‘হাজাৰবাৰ প্ৰেমত পৰিম’ শীৰ্ষক কবিতাটি লিখিছে বেদান্ত হাজৰিকাই। লগতে, কবিতাটি আবৃত্তি কৰাৰ লগতে ভিডিঅ’টিত অভিনয় কৰিছে বেদান্ত হাজৰিকা আৰু য়াশাশ্ৰী ভূঞাই। ভিডিঅ’ পৰিচালনা প্ৰণৱ ডিৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ইক্ৰিম হক আৰু প্ৰণৱে। কবিতাটিৰ ইউটিউব লিংকৰ কমেণ্ট বক্সত আপুনি যদি এবাৰ চকু ফুৰাই তেতিয়াহ’লে তাত ইতিবাচক কমেণ্টেই দেখিবলৈ পাব। কোনো এটা সুন্দৰ প্ৰকল্পক লৈ আমি আকোঁৰগোজ হওঁ, তাতেই আকৌ যদি নৱপ্ৰজন্মৰ এনেধৰণৰ প্ৰয়াস পৰিলক্ষিত হয় তেতিয়াহ’লে তাতকৈ অধিক আমাৰ বাবে ভাললগা আৰুনো কি হ’ব পাৰে! বেদান্তৰ ইউটিউব চেনেলত তেওঁৰ আন কবিতা ক্ৰমে ‘মই তোমাৰ একপক্ষীয় প্ৰেমিক’, ‘ভালপাঁও তোমাক’ ইত্যাদিয়ে পূৰ্বৰে পৰা তেওঁৰ অনুৰাগীৰ লিষ্টখন দীঘলীয়া কৰি লৈ গৈ আছে। পূৰ্বে নিৰ্মিত উক্ত দুই কবিতাটেই ভিউচ লেখত ল’বলগীয়া।

"মাথো সলনি হয় সময়, মন আজিও একে", বেদান্ত হাজৰিকাৰ নতুন কবিতাঃ 2


আহিবলগীয়া সময়ত তেওঁৰ তৰফৰ পৰা আৰু অধিক কবিতাৰ আশা প্ৰকাশ কৰিছে শ্ৰোতা-দৰ্শকে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform