এখন জনপ্ৰিয় ধাৰাবাহিকৰ এটা জনপ্ৰিয় চৰিত্ৰ। ধাৰাবাহিকৰ লগতে নাটকৰ ক্ষেত্ৰখনতো সমান নাম আছে এই অভিনেতা গৰাকীৰ। “ভাড়াঘৰ” ধাৰাবাহিকৰ “বৰা” চৰিত্ৰটোৰ সৈতে জড়িত এওঁৱে হৈছে ফণী শৰ্মাৰ পুত্ৰ সুজিৎ শৰ্মা। ৰূপালী পৰ্দাৰ সাক্ষাৎকাৰ বিশেষত “ভাড়াঘৰ” চিৰিজৰ পৰা আমি এইবাৰ কথা পাতিছিলো সুজিৎ শৰ্মাৰ সৈতে। চাওঁচোন আহক-
প্ৰশ্নঃ “ভাড়াঘৰ” ৰ সৈতে আপোনাৰ এয়া কিমান বছৰীয়া যাত্ৰা? ইয়াৰ সৈতে জড়িত হয় আপোনাৰ অনুভৱ কেনেকুৱা?
সুজিৎ ছাৰঃ “ভাড়াঘৰ” ধাৰাবাহিকখনৰ সৈতে জড়িত হোৱা মোৰ প্ৰায় ৫ বছৰেই হ’ল। ধাৰাবাহিক খনৰ প্ৰত্যেকটা চৰিত্ৰ লগতে অভিনেতা-অভিনেত্ৰীসমূহ ইমানেই মৰমিয়াল আৰু ইমান সোনকালে সকলোৰে লগত মিলি যাব পাৰে যে মোৰ সঁচাকৈ ভাল লাগে। এই পাঁচোটা বছৰেই মই তেওঁলোকৰ সৈতে কাম কৰি বিৰাটেই আপ্লুত হৈছো। মই কোনোদিন ভবাই নাছিলো যে মই এনেকুৱা এখন ধাৰাবাহিক বা এনেকুৱা মুকলি মনৰ অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিবলৈ পাম। গতিকে, ইয়াত কাম কৰি মই খুবেই আপ্লুত ; মোৰ ইমান ভাল লাগে যে তোমাক মই ভাষাৰে বুজাব নোৱাৰো। আৰু, সঁচা কথা ক’বলৈ গ’লে “ভাড়াঘৰ” ৰ শ্বুটিং চাবলৈ প্ৰায় মানুহ আহে। সেই শ্বুটিং উপভোগ কৰা মানুহখিনিয়ে কিন্তু এটা কল্পনাতীত অনুভৱ নিজৰ লগত লৈ যায়। এনেকুৱা এখন ধাৰাবাহিকৰ সৈতে জড়িত হৈ মই নিজকে ধন্য বুলিয়ে ভাবো।
প্ৰশ্নঃ বৰা,কাকতি,কেওঁট- ধাৰাবাহিক খনত এই তিনি নামৰ এক সুকীয়া বিশেষত্ব আছে। ৰীল লাইফত কৰা হাঁহি-স্ফূৰ্তিবোৰ ৰিয়েল লাইফতো বৰ্তি থাকেনে??
সুজিৎ ছাৰঃ আছে। বৰ্তি আছে। প্ৰথমতে আহিল কেওঁট, তুমি তেওঁক ধাৰাবাহিকত যিটো চৰিত্ৰত দেখিছা তেওঁ বাস্তৱ জীৱনত সেই চৰিত্ৰটোৰ একেবাৰেই ওলোটা। ধাৰাবাহিকখনত তেওঁক এটা “বদমাছ” চৰিত্ৰত দেখুওৱা হৈছে। যেনে এইঘৰৰ কথা সেইঘৰত লগায়, দুইঘৰৰ মাজত কাজিয়া লগায়। কিন্তু তেওঁ বাস্তৱ জীৱনত একেবাৰেই তেনেকুৱা নহয়। কাৰোবাৰ কিবা অসুবিধা হ’লে তেওঁ টকা-পইচাৰে নোৱাৰিলেও শাৰিৰীক ভাৱে সহায় কৰেগৈ। লোকৰ দুখত দুখী আৰু কোনো লোকৰ ভাল হ’লে ভাল পায়। কেওঁট তেনেকুৱা প্ৰকৃতিৰ মানুহ। শ্বুটিং ৰ সময়ত তেওঁ আমাক হহুৱায়।
আকৌ, দুই নম্বৰতে আহিল আমাৰ কাকতি ;”জয়ন্ত দাস”। জয়ন্ত দাস বুলি ক’লে অসমত চিনি নোপোৱা মানুহ হয়টো নাই। আমাৰ উঠি অহা যিসকল অভিনেতা-অভিনেত্ৰী; তেওঁলোকে জয়ন্ত দাসৰ ওচৰত পৰামৰ্শ বিচাৰি যায়। “ভাড়াঘৰ” ৰ যিখিনি নতুনকৈ অহা অভিনেতা-অভিনেত্ৰী তেওঁলোকৰ কিছুমান অভিনয়ক লৈ থকা ভুল-ভ্ৰান্তি আদি সকলোবোৰ আমাৰ এই কাকতি ডাঙৰীয়াই শুধৰাই দিয়ে।
আমি সকলোবোৰ যেতিয়া শ্বুটিংৰ বাবে একেলগ হওঁ তেতিয়া অইন কথা আমাৰ মনলৈ নাহেই। কেওঁটে কিবা এটা কৌতুক ক’লে লগতে সেইটো কৌতুকৰ প্ৰতিউত্তৰ হিচাপে কাকতিয়ে কিবা এটা ক’লে গতিকে আমাৰ এই শ্বুটিং ৰ সময়ছোৱা আমি আমাৰ অইন চিন্তা, ঘৰ-সংসাৰৰ চিন্তাৰ পৰা দূৰত থাকো হাঁহি ধেমালিৰ মাজেৰে। কেতিয়াবাটো বাস্তৱ জীৱনত ঘাত-প্ৰতিঘাত আহিবই দিয়াচোন,সকলোৰে আহে। সেই ঘাত-প্ৰতিঘাতটোত বোলে তুমি হাঁহিব পাৰা তেতিয়া মই ধাৰাবাহিক হঁহা নিচিনাকৈ হাঁহো। গতিকে মই এইটো নকওঁ যে মোৰ জীৱনত ধাৰাবাহিকখনৰ দৰেই হাঁহি -স্ফূৰ্তিবোৰ আছে; তাত অকণমান দুখ থকাটোও স্বাভাৱিক। নহয়নে??
প্ৰশ্নঃ আপোনাৰ পিতৃ নটসূৰ্য “ফণী শৰ্মা”। তেওঁক নজনা ছাগে ব্যক্তিৰ সংখ্যা যথেষ্ট কম। তেওঁৰ পুত্ৰ হিচাপে এই সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ কৰণীয় আৰু আছে বুলি আপুনি ভাবেনে?
সুজিত শৰ্মাঃ নিশ্চয়কৈ আছে। বহুত আছে। তুমি যেতিয়া ফণী শৰ্মাৰ বিষয়ে হৃদয়ংগম কৰি পঢ়িবা, বস্তুবোৰ পুংখানুপুংখভাৱে অনুধাৱন কৰিবা তেতিয়া বুজিবা যে এই ক্ষেত্ৰখনত তেওঁ আধৰুৱাকৈ বহুত কাম ৰৈ গ’ল। দেউতা বুলিয়েই নহয়; বহুতো বুদ্ধিজীৱীয়ে কৈয়ে দেখোন যে এটা জীৱনত সমষ্ট কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ। মোৰ দেউতাইও তেনেদৰে কিছু কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।
মোৰ ৬ জন ককাই-ভাই; মইও ইচ্ছা কৰিলে তেওঁলোকৰ
নিচিনাকৈ এটা চাকৰি কৰি সুস্থভাৱে জীৱনটো জীয়াব পাৰিলো হেঁতেন কিন্তু নাই। মই ভাবিলো, দেউতাৰ এই পথাৰখনত মইও ভৰি দি চাওঁচোন কেনে লাগে! কিন্তু, কথাটো কি জানা?? আজিৰ যুগটো বৰ জটিল, জীৱনবোৰ কঠিন। দেউতা হ’তে যেনেদৰে এটা সীমিত আয়ৰ সৈতে নিজ পৰিয়ালটো চলাব পাৰিছিল; আজিৰ যুগত সেইটো সম্ভৱপৰ নহয়। মই বহু ক্ষেত্ৰত দেউতাৰ কামবোৰ কৰিবলৈ আগবাঢ়ি যাওঁ যদিও কিছু সাংসাৰিক বা সামাজিক ব্যৱস্থাৰ বাবে আকৌ মই পিছুৱাই আহো। মই হাৰ নামানো তথাপিও, মইটো এতিয়া বুকুত হাত দি ক’ব নোৱাৰো যে মই নটসূৰ্য হ’ম বা ফণী শৰ্মা হ’ম! আজিৰ সময়ত সীমিত আয়ৰে সেইবোৰ সমাধা কৰা অলপ জটিল। কিন্তু দেউতাৰ অসম্পূৰ্ণ কাম সমূহ সমাধান কৰিবলৈ মই চেষ্টাৰ ক্ৰুটি নাই কৰা কোনোদিন। আৰু, মই ভাবো মই ইয়াত অলপ হ’লেও সফল হৈছো ।
প্ৰশ্নঃ ছাৰ, আপুনি এই অভিনয়ৰ ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??
সুজিৎ ছাৰঃ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ’লে মই বহু বছৰ পিছুৱাই যাব লাগিব। তেতিয়া মই হায়াৰ চেকেণ্ডাৰীত,আমাৰ সেইটো সময়ত জিলাভিত্তিক ক্ৰীড়া সমাৰোহ হয়। এই ক্ৰীড়া সমাৰোহৰ লগতেই কিছুমান সাংস্কৃতিক প্ৰতিযোগিতাও অনুষ্ঠিত হয়। তাৰ ভিতৰত আমাৰ এই “নাট্য প্ৰতিযোগিতা” ও আছিল। গতিকে মই পঢ়া বিদ্যালয় খন অৰ্থাৎ তেজপুৰ বয়’ছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ মোৰ বন্ধুবোৰৰ সৈতে আলোচনা কৰি এখন বিৰিঞ্চি ভট্টাচাৰ্য্যই লিখা “কাল তোমাক নমস্কাৰ” বুলি এখন নাটক কৰিবলৈ মন মেলিলো। কথামতেই কাম ;তাত আমি শ্ৰেষ্ঠ নাট্য দলৰ পুৰস্কাৰ পালো, শ্ৰেষ্ঠ অভিনেতাৰ লগতে শ্ৰেষ্ঠ কৌতুক অভিনেতাকে ধৰি ৪-৫ টা পুৰস্কাৰ আমি পালো। মই ব্যক্তিগতভাৱে কোনো পুৰস্কাৰ নাই পোৱা দেই। হা হা হা… এইখনেই মই অভিনীত মোৰ প্ৰথমখন নাটক।
গতিকে এই নাটকখনৰ পৰাই দেউতাৰ দিনৰ বাণ থিয়েটাৰৰ সৈতে জড়িত যিখিনি কৰ্মকৰ্তা আছিল তেওঁলোকৰ দৃষ্টিগোচৰ হ’লো। মোৰ নামটোয়ে তেজপুৰত অকণ মাণ প্ৰচাৰ লাভ কৰিলে যে নটসূৰ্য ফণী শৰ্মাৰ পুত্ৰ এজনে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছে । তাৰপিছত, মোক বাণ থিয়েটাৰৰ পৰা মতাই অনা হ’ল নাটক কৰিবলৈ আৰু তেনেকৈয়ে মই অভিনয়ৰ সৈতে জড়িত হৈ পৰিলো। এই অভিনয়ৰ দ্বাৰাই বৰ্তমানলৈ জীয়াই আছো যদিও কিন্তু মই সুখত আছো। মোৰ আকালো নাই,ভঁৰালো নাই। সমাজত মূৰ দাঙি জীয়াই আছো।
প্ৰশ্নঃ আপোনাৰ থিয়েটাৰ সমূহৰ বিষয়ে চমুকৈ জানিব বিচাৰিম।
সুজিৎ ছাৰঃ আজিৰ পৰা প্ৰায় ৩৯ বছৰ আগৰ কথা। ১৯৮০ চনৰ ঘটনা। এতিয়া যেনেদৰে আৱাহন থিয়েটাৰ, পৰিমল থিয়েটাৰ ঠিক তেনেদৰে তেতিয়া দৰ্শকৰ মাজত এখন জনপ্ৰিয় থিয়েটাৰ আছিল “আৰাধনা থিয়েটাৰ”। থিয়েটাৰ খনৰ যিজন প্ৰযোজক আৰু তেজপুৰত সেই সময়ত ভ্ৰাম্যমাণৰ নাটক লিখা বিখ্যাত নাট্যকাৰ আছিল প্ৰফুল্ল বৰা দা আৰু আৰাধনা থিয়েটাৰৰ মালিক সদা লহকৰ দাদাই মোক থিয়েটাৰলৈ লয় আনিলে। মইও তাত এবছৰ কাম কৰি ১৯৯৯ চনত মই আকৌ আৱাহন থিয়েটাৰৰ সৈতে জড়িত হৈ পৰিলো। তাৰ পিছত, তেনেকৈয়ে মই প্ৰায় ১৪-১৫ বছৰ থিয়েটাৰৰ সৈতে জড়িত হৈ থাকি শেষত এৰি দিলো। ২০১৩ চনৰ পৰা মই এই ধাৰাবাহিক ক্ষেত্ৰখনৰ সৈতে সাঙুৰ খাই পৰিলো। জোনাক, ৰং, ৰেঙণিত বহু চিৰিয়েলো কৰিলো তাৰ পিছতে মোক “ভাড়াঘৰ” ৰ পৰা মাতি পঠিওৱা হ’ল আৰু মই এই ধাৰাবাহিকখনৰ সৈতেই আজি ৫ বছৰে জড়িত হৈ আছো।
লগতে, তোমাৰ প্ৰশ্নৰ সৈতে জড়িত নথকা এটা কথা কওঁ। দেউতাৰ এটা সমাধিক্ষেত্ৰ উপস্থাপনক লৈ আজি ৫০ বছৰে কাগজে-পত্ৰয়ে লিখা মেলা হৈ আছে যদিও ই বৰ্তমানলৈ সম্পূৰ্ণ হৈ উঠা নাই। গতিকে এই বৃহৎ প্ৰকল্প এটা, ৫ বিঘা মাটিৰ প্ৰকল্প এটা; মোৰ দ্বাৰা কৰাটোতো সম্ভৱ নহয়। মই তেওঁৰ পুত্ৰ হিচাপে তেওঁৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব লাগে যদিও মইটো এইটো সম্পূৰ্ণ কৰিব নোৱাৰো। মই কিন্তু এইক্ষেত্ৰটো মাত নমতাকৈ নাই থকা; মই যিসকলক ক’ব লাগে অথবা চৰকাৰক যি জনাব লাগে মই জনাই আছো। মইটো এতিয়া জনসাধাৰণৰ পৰা টকা লয় এই কামটো কৰিব নোৱাৰিম; ২৪ ঘণ্টা যদি মই জনসাধাৰণৰ পৰা টকা বিচাৰো তেনেহ’লে মোৰ সংসাৰৰ কি হ’ব? মই চলিম কেনেকৈ?? ৫০ বছৰ হৈ গ’ল; অসম্পূৰ্ণ কাম এইটো এটা। অসম্পূৰ্ণ হ’ল বুলিয়ে যে মই আশা আৰু চেষ্টা বাদ দিলো তেনে নহয়। মই মৃত্যুৰ সময়লৈ চেষ্টা কৰিম। মই তোমাৰ জৰিয়তে ৰাইজক মাত্ৰ কথাটো জনাব বিচাৰিছো।
… ঠিক আছে ছাৰ। মই এই কথাখিনি জড়িত কৰিম সাক্ষাৎকাৰটোৰ সৈতে। ধন্যবাদ।
সুজিৎ ছাৰঃ তোমাৰ মংগল হওঁক।ঈশ্বৰে তোমাৰ প্ৰতিটো আশা পূৰণ কৰক। ধন্যবাদ।
Add comment