মঞ্জু বৰাৰ পৰিচালনা তথা অৰুণ গোস্বামীৰ কাহিনীৰে ২০০৪ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “লাজ”। কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা বোলছবিখনে শিক্ষা গ্ৰহণৰ প্ৰতি চূড়ান্ত আগ্ৰহী এজনী ছোৱালীৰ কাহানিৰে তেতিয়াৰ সমাজৰ এক ঘূণে খোৱা মানসিকতাক উদঙাই দিছিল। মাছমৰীয়া পিতৃ লগতে নীচ জাতিৰ ছোৱালীয়ে সমাজৰ কোনো ডাঙৰ উৎসৱত আগস্থান নাপালেও তাই শিক্ষাৰ ফালৰ পৰা সদায় আগত। “ইলা” তথা “ডাঙৰ মা” চৰিত্ৰত থকা ছোৱালীজনীৰে হৈছে উক্ত বোলছবিখন।

শিক্ষাৰ প্ৰতি অপাৰ ধাউতি থাকিলেও ঘৰৰ ডাঙৰ জী ৰূপে থকা দায়িত্বই “ইলা” ক প্ৰত্যেকদিনেই বান্ধি ৰাখিছিল। পিতৃ-মাতৃৰ বেমাৰ আৰু সৰু ভায়েক ভনীয়েকৰ প্ৰতি থকা দায়িত্বই তাইক স্কুললৈ যোৱাত বাধা প্ৰদান কৰিছিল। তৎস্বত্বেও তাই আছিল স্কুলৰ ভিতৰতেই প্ৰথম। চাফ-চিকুণতা লগতে স্কুলত শিকোৱা প্ৰতিটো বস্তু ঘৰত আকৌ গৈ সুঁৱৰাই লোৱা আছিল তাইৰ মূল লক্ষ্য। এয়াই হৈছে “লাজ” ৰ মূল কাহিনী।

বোলছবিখনত এটা দুখীয়া পৰিয়ালৰ জীৱন-কৰ্মৰ এক দুখলগা পৰিস্থিতিৰ বাখ্যা কৰা হৈছে। এজন মাছমৰীয়াই কেৱল মাত্ৰ মাছ মাৰিব গ’লেহে পৰিয়ালটোৱে দুবেলা-দুমুঠি খাব পোৱাৰ এক জীয়া কাহিনী দেখুৱা হৈছে বোলছবিখনত। বেমাৰকো আওঁকাণ কৰি নিতৌ মাছ মাৰিব যোৱা আৰু সেই বেমাৰক আওঁকাণ কৰাৰ ফলত সি কেনে এক ডাঙৰ ৰূপলৈ পৰিৱৰ্তিত হ’ব পাৰে তাক এক সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে বোলছবিখনত।

বোলছবিখনত শিক্ষক-শিক্ষয়িত্ৰীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ আস্থা, চোকা ছাত্ৰ-ছাত্ৰীক সঘনাই পঢ়িবলৈ দিয়া উৎসাহ আদিৰ এখন সজীৱ চিত্ৰ প্ৰতিফলিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ যিকোনো অসুবিধাত নিজ ছোৱালী জ্ঞান কৰি কৰা সহায়- সহযোগিতা আদি বোলছবিখনৰ এক হৃদয়স্পৰ্শী অধ্যায়। ছোবালীৰ লাজ নিবাৰণৰ বাবে এটা পেণ্ট নথকাত স্কুল ক্ষতি কৰা নিচিনা কিছু দুখ লগা সংলাপ সংযুক্ত কৰা হৈছে বোলছবিখনত। “সমতাৰ অধিকাৰ” অথবা “ভগৱানৰ কোনো জাতি-ধৰ্ম নাই” – তাৰ পিছতো নামঘৰত নীচ জাতিৰ ছোৱালী এজনী সোমাই যোৱাৰ ফলত ভকতে কৰা যি ব্যৱহাৰ সেই ব্যৱহাৰে সমতাৰ অধিকাৰক সৰ্ব কৰা দেখা যায়।

বোলছবিখনৰ মূখ্য চৰিত্ৰত থকা জাফৰিন হিমশিখাৰ সুন্দৰ অভিনয়ে বোলছবিখন আৰু বেছি মনোগ্ৰাহী কৰি তুলিছে। বোলছবিখনৰ আন আন মূখ্য চৰিত্ৰত থকা অৰুণ হাজৰিকা (ইলাৰ পিতৃ),বিষ্ণু খাৰঘৰীয়া (শিক্ষক),যতীন গোস্বামী,শ্ৰী লেখা মূখাৰ্জী, ৰাজীৱ ফুকন আদিৰ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বোলছবিখনৰ নেপথ্যত বাজি থকা ডবাৰ মাত লগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে মিলি কৰা প্ৰাৰ্থনা “তুমি চিত্ত বিত্তি মোৰ” আদিৰ সমাৱেশে বোলছবিখনক সজীৱ ৰূপত ডাঙি ধৰিছে।
Add comment