Rupaliparda.com
হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং "ভাগ্য" ক আকোঁৱালিছে শ্ৰোতা-দৰ্শকেঃ 1

হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং “ভাগ্য” ক আকোঁৱালিছে শ্ৰোতা-দৰ্শকেঃ

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ শিল্পী হিমাংশু প্ৰসাদ দাসৰ কথাই সুকীয়া। তেওঁৰ প্ৰতিটো সৃষ্টিত আছে এক সুকীয়া সোঁৱাদ। “লক-ডাউন” ত কৰা প্ৰতিটো ব্যতিক্ৰমী সৃষ্টিৰ সমান্তৰালকৈ আকৌ এইবাৰ হিমাংশ প্ৰসাদ দাসে নিৰ্মাণ কৰি উলিয়াইছে আন এটি থিয়েটাৰী গীত “ভাগ্য”। ইয়াৰ পূৰ্বেও “হাবু-ডুবু” কে আৰম্ভ কৰি আন কেইবাটাও থিয়েটাৰী গীত নিৰ্মাণ কৰি উলিয়াইছিল শিল্পী গৰাকীয়ে য’ত দৰ্শক-শ্ৰোতাৰ বহু সমাদৰো দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ হিমাংশু প্ৰসাদ দাসৰ নতুন থিয়েটাৰী গীত “ভাগ্য” কো ইতিমধ্যে আকোঁৱালিছে জনসাধাৰণে। এই গীতটিত সৰ্বসাধাৰণ ৰাইজে কোনো কৰ্মৰ বিফলতাত নিজৰ ভাগ্য খনকেই দোষ দিয়া অথবা কপালৰ লিখন বুলি আওঁকান কৰা কথাবোৰকেই উদ্দেশ্যি নিৰ্মাণ কৰি উলিওৱা হৈছে এই গীতটিৰ। ৰজাৰ পুতেক ৰজা হ’ব লগতে শাসনত অধীনস্থ হৈ শাসন ভাৰ চম্ভালি প্ৰজাক নিজৰ মতনুযায়ী কাম কৰোৱা আদি কথাবোৰক কেন্দ্ৰ কৰিয়েই ৰাইজৰ মাজলৈ উলিয়াই দিয়া হিমাংশু প্ৰসাদ দাসৰ “ভাগ্য”।


ব্যংগাত্মক ধৰণে সম্প্ৰতি পৰিস্থিতিৰ বিষয়ে বুজাই দিয়া হিমাংশু প্ৰসাদ দাসে বৰ্তমান অধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে “থিয়েটাৰী চং” সমূহক লৈ। হিমাংশু প্ৰসাদ দাসৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, “থিয়েটাৰী গীতবোৰত আমাৰ এল সামাজিক বাৰ্তা থাকে; “থিয়েটাৰী গীত” নামটো আচলতে আমিয়ে দি লৈছিলো কাৰণ সাধাৰণতে আমি গান শুনিলে অথবা তুমিও যদি মন কৰিছা বুজিবা যে গান এটা ভাল লাগিলে আমি প্ৰায়ে ইয়াক গুণগুনাই থাকো; কিন্তু ইয়াৰ কথাখিনিত গুৰুত্ব আমি বহুদিন পিছতহে দিওঁ। সুৰ বা সংগীতৰ মাজত কেতিয়াবা গীতৰ কথাখিনি হেঁৰাই যোৱা নিচিনা অনুভৱ হয়।

হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী চং "ভাগ্য" ক আকোঁৱালিছে শ্ৰোতা-দৰ্শকেঃ 2


কিন্তু “থিয়েটাৰী চং” টো ৰাইজে প্ৰথম শুনিব লাগিব; বুজিব লাগিব তেতিয়াহে ই বোধগম্য হ’ব। এইখিনিতে এটা কথা কওঁ যে, আমি যদিও “গান-বাজনা” বুলি কওঁ; কিন্তু ই পিছলৈ গৈ “বাজনা-গান” হে হৈ পৰে। মিউজিকটোৱে ইমান বেছি প্ৰাধান্য লাভ কৰে যে ই পিছলৈ ওলোটা খৰ মাৰে। গতিকে, আমি এই গীতটোক এটা “গীত” কৰিয়েই ৰাখিব খুজিছো

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform