Rupaliparda.com
ভিডিঅ' সহ দীক্ষু শৰ্মাৰ "কাজলী দুচকু" ৰ শুভমুক্তিঃ 1

ভিডিঅ’ সহ দীক্ষু শৰ্মাৰ “কাজলী দুচকু” ৰ শুভমুক্তিঃ

দীক্ষু শৰ্মাৰ কন্ঠৰে আহি আছে এটি নতুন গীত “কাজলী দুচকুত”। আহিবলগীয়া গীতটিৰ কথা আৰু সংগীত অজয় ফুকনৰ লগতে ইয়াৰ সংগীত ব্যৱস্থাপনা ৰেক্স বড়োৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা সৌৰভ ভট্টাচাৰ্য্যৰ আৰু ইয়াৰ দৃশ্যগ্ৰহণ কৰিছে বিতু ৰাজ বৰুৱাই। উক্ত গীতটিৰ শেহতীয়াকৈ মুকলি কৰা হৈছে প্ৰমো’। আনহাতে, অহা ২৫ নৱেম্বৰ তাৰিখে গীতটিক মুকলি কৰি দিয়াৰ কথাও প্ৰকাশ কৰে কন্ঠশিল্পী গৰাকীয়ে। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ প্ৰথম সময়ছোৱাত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম।

ভিডিঅ' সহ দীক্ষু শৰ্মাৰ "কাজলী দুচকু" ৰ শুভমুক্তিঃ 2


২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। উল্লেখ্য যে, আহিবলগীয়া সময়ত কেৱল মাত্ৰ এটাই নহয়; আন কেইবাটাও গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিব কন্ঠশিল্পী দীক্ষু। কিছুদিন পূৰ্বে “ডলা” শীৰ্ষক এটি গীতৰো ডাবিং সময়ছোৱাৰ এটি ভিডিঅ’ আপলোড কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform