Rupaliparda.com
অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণ টুইট হ'ল চলিত বৰ্ষটোৰ ভিতৰত জনপ্ৰিয়ঃ 1

অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণ টুইট হ’ল চলিত বৰ্ষটোৰ ভিতৰত জনপ্ৰিয়ঃ

চলিত ২০২০ বৰ্ষটোৰ নিজ অন্তিমটো মাহ পাইছেহি। এই বৰ্ষটো বহু কঠিনতা আৰু তিঁতা অনুভূতিৰে পাৰ হৈছে যদিও একাংশ চিলেব্ৰেটীৰ কিছুমান মিঠা সপোনেও কিন্তু চৰ্চা লাভ নকৰাকৈ থকা নাছিল। ক’ৰোণা মহামাৰীৰ ফলত হোৱা “লক-ডাউন” ৰ পৰা আৰম্ভ কৰি অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগতে তেওঁৰ বিৰূদ্ধে হোৱা বহু ষড়যন্ত্ৰক প্ৰকাশ কৰিবলৈ জনসাধাৰণ অথবা চিলেব্ৰেটী সমূহে কৰা টুইটবোৰ চলিত বৰ্ষটোত চৰ্চিত হৈছিল চচিয়েল মিডিয়াত। টুইট সমূহৰ ভিতৰত আটাইতকৈ অধিক চৰ্চা লাভ কৰা টুইটটো আছিল অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণ। ২৭ আগষ্ট তাৰিখে গৰ্ভধাৰণৰ কথা এক পোষ্ট যোগে ব্যক্তি কৰিছিল অভিনেত্ৰী অনুষ্কা শৰ্মাই; তেওঁ জনাইছিল যে অহা বৰ্ষৰ জানুৱাৰী মাহলৈ তেওঁলোকৰ জীৱনলৈ আগমন হ’ব নতুন সদস্যৰ। এই টুইটটোক জনসাধাৰণে ইমানেই অধিক লাইক কৰিছিল যে ই চলিত বৰ্ষৰ অধিক “লাইক কৰা” পোষ্টৰ মাজৰ এটা হৈ পৰিছিল।

https://twitter.com/AnushkaSharma/status/1298856090809929728?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1298856090809929728%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-virat-kholi-anushka-sharma-pregnancy-tweet-most-liked-and-amitabh-bachchan-covid-19-tweet-most-quoted-check-full-list-here-21145910.html


ইয়াৰ লগতে, ক’ৰোণা ভাইৰাছৰ সংক্ৰমণে প্ৰত্যেকজন জনসাধাৰণক ব্যতিব্যস্ত কৰি তুলিছিল। যি সংক্ৰমণৰ পৰা হাত সাৰি যোৱা নাছিল বিগ-বি অমিতাভ বচ্চনো। জুলাই মাহতে এই কথা ব্যক্ত কৰি টুইট কৰিছিল অভিনেতা গৰাকীয়ে; এই টুইটটোক চলিত বৰ্ষৰ আটাইতকৈ অধিক ৰিটুইট কৰা হৈছে। তেওঁৰ এই টুইটটো লৈ বহুতেই অভিনেতা গৰাকীৰ সু-স্বাস্থ্য কামনা নিজৰ ষ্টেটাচত দিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform