Rupaliparda.com
অসমীয়া ছবি "ৰাজনীতি" ৰ বাবে জুবিন গাৰ্গে আৰম্ভ কৰিছে শ্বুটিংঃ 1

অসমীয়া ছবি “ৰাজনীতি” ৰ বাবে জুবিন গাৰ্গে আৰম্ভ কৰিছে শ্বুটিংঃ

আহিবলগীয়া সময়ৰ এখন বহু প্ৰত্যাশিত ছবি “ৰাজনীতি”। অসমীয়া এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে ছবিখনৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুল। শেহতীয়াকৈ জুবিন গাৰ্গে নিজ চৰিত্ৰ ৰূপায়ন কৰিবলৈ আগবাঢ়িছে ছবিখনত। তেওঁৰ শ্বুটিং সময়ছোৱাৰ কেইবাখনো ফটো ইতিমধ্যে ভাইৰেল হৈছে চচিয়েল মিডিয়াত। বিগত ববৰ্ষৰ ডিচেম্বৰ মাহৰ ২১ তাৰিখে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনত এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা এটা গীতৰো মুকলি কৰি দিয়া হৈছে। ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত। ছবিখনে দৰ্শকক আকৰ্ষণ কৰিব পৰা আন এক বিষয় এয়াও যে এই ছবিখনত অভিনয় কৰিব জুবিন গাৰ্গ, বৰষা ৰাণী, তপন দাসৰ লগতে গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাই। ৰামধেনু প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন পোনপ্ৰথমবাৰৰ পৰিচালনাৰ এই দিশটোত আগবাঢ়ি অহা মনজিৎ শৰ্মাই। মুক্তিপ্ৰাপ্ত দুই-তিনিখন পোষ্টাৰে জনসাধাৰণৰ মন ছবিখন উপভোগৰ বাবে উৎসাহিত কৰি তুলিছে।

অসমীয়া ছবি "ৰাজনীতি" ৰ বাবে জুবিন গাৰ্গে আৰম্ভ কৰিছে শ্বুটিংঃ 2
অসমীয়া ছবি "ৰাজনীতি" ৰ বাবে জুবিন গাৰ্গে আৰম্ভ কৰিছে শ্বুটিংঃ 3


ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। আনহাতে, ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা, জয়ন্ত কাকতি, অজয় ফুকন আৰু দৰ্শনে। নতুনৰ আৰম্ভণিয়ে দিছে নতুনৰ খবৰ; আহিবলগীয়া “ৰাজনীতি” শীৰ্ষক এই ছবিখনত সম্প্ৰতি ৰাজনৈতিক পৰিস্থিতিৰ ভিন্ন কথা সমূহক উপস্থাপন কৰিব নে নাই সেয়া হ’ব আগন্তুক সময়ত লক্ষ্যণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform