Rupaliparda.com
বুদ্ধৰ কথাত সান্নিধ্য ভূঞাৰ কণ্ঠ; ত্ৰিভৰ সংগীতেৰে সফল "হেঙুলীয়া"- 1

বুদ্ধৰ কথাত সান্নিধ্য ভূঞাৰ কণ্ঠ; ত্ৰিভৰ সংগীতেৰে সফল “হেঙুলীয়া”-

আকৌ এবাৰ নৱপ্ৰজন্মই সাঙুৰিছে জনপ্ৰিয়তা। এটি গীত মুক্তি লাভৰ পিছতেই তাত সন্নিৱিষ্ট হৈছে দৰ্শকৰ সমাদৰ। শেহতীয়াকৈ “হেঙুলীয়া” শীৰ্ষক গীতটিৰ জৰিয়তে আকৌ এবাৰ অনুৰাগীক আকৰ্ষণ কৰিছে সান্নিধ্য ভূঞাৰ কণ্ঠই লগতে বুদ্ধজ্যোতি বেজবৰুৱাৰ কথাই। “দেশৰ ভৱিষ্যৎ নৱপ্ৰজন্মৰ হাতত”; কথাষাৰত অন্তৰ্নিহিত অৰ্থটোৱেই আচলতে বুজাই দিয়ে সকলো। একাংশ নৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া; সেয়া বিজ্ঞানেই হওঁক নাইবা সাহিত্য অথবা মনোৰঞ্জনেই নহওঁক কিয়! প্ৰতিটো ক্ষেত্ৰত কৰা তেওঁলোকৰ প্ৰচেষ্টাই বৰ্তমান দৰ্শকৰো কাষ চাপিবলৈ সক্ষম হৈছে। সংগীত ক্ষেত্ৰখন আৰু এখাপ ওপৰত তুলি নিয়াত ইতিমধ্যে বহু নৱপ্ৰজন্মই নিজৰ অৰিহণা যোগাইছে। ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ কণ্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰলৈ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই সংগীতৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে। কিন্তু, বৰ্তমানেও এই “সুন্দৰ” ধাৰাটোৱে যেন অব্যাহতি লোৱা নাই; নৱপ্ৰজন্মৰ হাতত ই আকৌ এক নতুন হৈ শ্ৰোতাৰ মাজলৈ ওলাই আহিছে। “তুমি সুবাস”, “আমিটো সৰু মানুহ” ৰ লগতে “নক্ষত্ৰ”, “জলপ্ৰপাত”, “তেজা” ইত্যাদি গীতবোৰ নৱপ্ৰজন্মৰ সৃষ্টি; য’ত জনসাধাৰণৰ বহুল সঁহাৰি। কেৱল মাত্ৰ এই গীত কেইটাই যে সফল, তেনে নহয়। ইয়াৰ লগতে আন কিছুমান এনে গীতেও মুক্তি লাভ কৰিছে যাৰ বিষয়বস্তুৱে আকৰ্ষণ কৰিছিল শ্ৰোতাক।


সদ্যমুক্তিপ্ৰাপ্ত “হেঙুলীয়া” শীৰ্ষক গীতটিত কণ্ঠদান কৰাৰ লগতে সুৰ দিছে সান্নিধ্য ভূঞাই নিজে। কথা বুদ্ধজ্যোতি বেজবৰুৱাৰ লগতে ইয়াত সংগীত কৰিছে ত্ৰিভে (ত্ৰিভাংগন)। আৰ্টৱৰ্ক আৰু ভিডিঅ’ৰ দায়িত্বত আছে অংশুমান দাস। যেতিয়া এটা সংগীতত ইয়াৰ কথাৰ লগতে সুৰ-সংগীত ইত্যাদি প্ৰতিটো বস্তুৰ স্থিতি মজবুত থাকে তেতিয়া গীতটি শুনিবলৈ প্ৰতিজন শ্ৰোতা আগ্ৰহী হোৱা যেন অনুভৱ হয়। “আলোকৰ অযুত পোহৰৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত কিছু এন্ধাৰ ৰৈ থাকিব আপোনাৰ বাবে; আৰু, তেনে প্ৰেক্ষাপটত নিজৰ পৰাই নিজকে লুকুৱাবলৈ জটিল হৈ পৰে। প্ৰথমৱস্থাত নিজকেই আত্মসন্তুষ্টি দিবলৈ আলোকৰ অযুত পোহৰৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত কিছু এন্ধাৰ ৰৈ থাকিব আপোনাৰ বাবে; আৰু, তেনে প্ৰেক্ষাপটত নিজৰ পৰাই নিজকে লুকুৱাবলৈ জটিল হৈ পৰে। গতিকে মোৰ বাবে প্ৰথম কথা গীত এটি মই নিজৰ বাবে লিখো।” এয়া হৈছে গীতিকাৰ বুদ্ধজ্যোতি বেজবৰুৱাৰ ভাষ্য। আনহাতে, সাংগীতিক ক্ষেত্ৰখনত বৰ্তমান সান্নিধ্য ভূঞাৰ স্থিতি কি সেই বিষয়ে আপোনাক আকৌ এবাৰ সুঁৱৰাই দিয়াৰ হয়টো প্ৰয়োজন নাই। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ এনে নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। সান্নিধ্য ভূঞা বুলি ক’লে অৱশ্যে বৰ্তমান কেৱল মাত্ৰ এটা প্ৰজন্মৰ সংগীত প্ৰেমী শ্ৰোতাই যে তেওঁক লৈ আকৰ্ষিত তেনে বুলি ক’লে আচলতে ভুল কোৱা হ’ব। এটি গীতৰ কথা আৰু কথাৰ আঁৰৰ অৰ্থ, অৰ্থৰ সৈতে সমিল সুৰ-সংগীতৰ ব্যৱস্থাই এটি গীতক সুন্দৰ কৰি তুলিছে।

বুদ্ধৰ কথাত সান্নিধ্য ভূঞাৰ কণ্ঠ; ত্ৰিভৰ সংগীতেৰে সফল "হেঙুলীয়া"- 2


উল্লেখ্য যে, ত্ৰিভাংগনৰ সংগীতেও এই গীতটিক সফলকাম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ৰূপালীপৰ্দাৰ জৰিয়তে “হেঙুলীয়া” ৰ সৈতে জড়িত প্ৰত্যেলগৰাকীক জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform