চিনেমাখনৰ প্ৰতিটো মূল চৰিত্ৰই ‘নায়ক-নায়িকা’৷ পিতা-পুত্ৰ-পুত্ৰীক লৈ এটা পৰিয়াল৷ পিতাৰ চৰিত্ৰটোত অভিনয় কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্য৷ দুই সন্তান– তপন দাস, মৃদুলা বৰুৱাক লৈ নিৰ্মাণ কৰিছে চৰিত্ৰ দুটা৷ সুখৰ নহয়, আৰ্থিক সমস্যাৰ মাজত কক্বকাই থকা পৰিয়াল৷ মাকৰ গহনা বন্ধকত থৈহে পিতৃৰ চিকিৎসা কৰে জীয়ৰীয়ে৷ পুত্ৰ হিচাবে তপন দাসে অভিনয় কৰা চৰিত্ৰটো শিক্ষিত কিন্তু নিবনুৱা৷ অন্যায় সহ্য কৰিব নোৱাৰে, সেইটোৱে তাৰ দোষ৷ –আন এটা পৰিয়ালৰ নিবনুৱা যুৱক এজন৷ সি কয়– ‘সংগীতৰ বাহিৰে মই আন কথা চিন্তা কৰিব নোৱাৰো৷’ গীত লিখে, সুৰ দিয়ে৷ পুৱা দেৰিলৈকে বিছনা নেৰে, বিছনাত পৰি পৰিয়ে বৌৱেকৰ গালি শুনি থাকে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছে প্ৰাঞ্জল শইকীয়াক লৈ৷– নিবনুৱা হৈ নাথাকি ‘কাম’ৰ পিছে পিছে দৌৰা আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সঞ্জীৱ হাজৰিকাক লৈ৷ তেনেদৰে বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মিৰেল কুদ্দুছক লৈ নিৰ্মাণ কৰিছে আন চাৰিটা চৰিত্ৰ৷ –এই চৰিত্ৰকেইটাক পৰিচালক মুনিন বৰুৱাই লৈ আহে এটা সংঘলৈ৷ সংঘটো হৈ পৰে দেশৰ প্ৰতীক৷ ‘চৰিত্ৰ’কেইটাই সংঘটো সুন্দৰভাৱে গঢ়িব খোজে, অৰ্থাৎ সুন্দৰ দেশ নিৰ্মাণ কৰিব খোজে৷ সংঘটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে ৰাজনৈতিক নেতা, দালাল ইত্যাদিয়ে৷ নেতা, দালালসকলেই যেন দেশৰ ‘সমস্যা’৷ গঢ়িব নাজানে, ভাঙিব জানে৷ চিনেমাখনৰ শেষত সংঘটো ভঙাত ব্যৰ্থ হয় নেতা-দালাল…৷ চিনেমাখন শেষ কৰে অসমীয়াতে কোৱা ‘we shall Over come…’ গীতটোৰে, যিটো গীত জড়িত নাগৰিক অধিকাৰ আন্দোলনৰ সৈতে৷ এই গীতটোৰ ব্যৱহাৰ অৰ্থৱহ৷ ‘নিবনুৱা সমস্যা’ স্পষ্ট হৈ পৰা এই চিনেমাখনৰ নাম– ‘প্ৰভাতী পখীৰ গান’৷ চিত্ৰগৃহলৈ আহিছিল ২৭ মাৰ্চ, ১৯৯২ চনত৷ সন্দেহ নৰখাকৈ ক’ব পাৰি– ‘প্ৰভাতী পখীৰ গান’ পৰিচালক মুনিন বৰুৱাৰ শ্ৰেষ্ঠ ‘চিনেকৰ্ম’৷ আজিও চিনেমাখন দিগদাৰ ‘অনুভৱ’ নকৰাকৈ চাব পাৰি৷– চিনেমাখনৰ চুই যোৱা প্ৰথম দিশটো স্বাভাৱিকতে পৰিচালনা শৈলী আৰু বিষয়বস্তু৷ চমক ‘বিষয়বস্তু’ৰ বিন্যাস আৰু অভিনয়৷ প্ৰতিটো ‘চৰিত্ৰ’ৰে স্বাভাৱিক অভিনয়৷ ‘কম ফুটেজ’ত অৰুণ নাথক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ চৰিত্ৰটোৰ মুখত দিয়া এটা সংলাপ আছিল– “সততে ৩০ টকা ফিজ লোৱা ডাক্তৰজনে অসময়ত চিকিৎসা কৰিবলৈ যদি ১০০ টকা লয়, সেই চিকিৎসকজন ব্লেকাৰ নে আগতে গৈ টিকট কাটি ‘সময়’ত চিনেমা চাবলৈ যোৱাজনৰ পৰা কেইটামান টকা বেছিকৈ লোৱা ‘চৰিত্ৰ’টো ব্লেকাৰ?” [হুবহু সংলাপটো মনলৈ আনিব পৰা নাই৷]– হয়, অৰুণ নাথে অভিনয় কৰা ‘চৰিত্ৰ’টো ব্লেকাৰৰ৷ নিশা মাতাল হৈ ক্ষোভ উজাৰে৷ –চিনেমাখনত পৰিচালকে দুটা প্ৰেমৰ ‘কাহিনী’ ৰচনা কৰিছে, তপন দাস-পূৰৱী শর্মা, মৃদুলা বৰুৱা-সঞ্জীৱ হাজৰিকাক লৈ৷ ৰচনা কৰিছে- অসমীয়া সংস্কৃতিৰ দুৰ্দশাৰ ছবিখনো৷ অসমীয়া সংস্কৃতি চৰ্চা কৰাজনৰ স্থান কাৰোবাৰ শ্ৰাদ্ধত৷ জীয়াই থকাজনৰ বাবে নহয়, মৃতজনৰ আত্মাৰ বাবেহে যেতিয়া অসমীয়া শিল্পীয়ে ‘গীত’ গোৱাৰ পৰিৱেশ হয়, তেতিয়া ক্ষোভ প্ৰকাশ নহ’ব নে? – ক্ষোভ প্ৰকাশ হয় বিদ্যুৎ চক্ৰৱৰ্তীক লৈ নিৰ্মাণ কৰা ‘চৰিত্ৰ’টোৰ মুখেৰে৷ ‘চৰিত্ৰ’টোৰ দেউতাকে গোটেই জীৱন ‘অসমীয়া সংস্কৃতি’ চৰ্চা কৰি কি পালে? শৰাই-গামোচা৷ ‘চৰিত্ৰ’টোৱে ক্ষোভেৰে কয়– ‘সেই গামোচা শিল্পীৰ পেটত বান্ধিবলৈহে৷ পৰিচালকে এটা বুদ্ধিদীপ্ত ছিকুৱেন্স ৰচনা কৰিছে–‘চৰিত্ৰ’টোৱে ঢোল বজাইছে, ‘চৰিত্ৰ’টোৰ শিল্পী দেউতাকে গামোচাৰে তৈয়াৰ কৰা দীঘল ‘সাঁকো’ এখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছে৷ ‘সাঁকো’ ভাঙি শিল্পীগৰাকী মাটিত পৰে, আৰু ভিতৰৰ পৰা ভাঁহি আহে কান্দোন– ‘শিল্পী’ৰ মৃত্যু৷ – সুন্দৰ ছিকুৱেন্স, সুন্দৰ চিনেমা৷
You may also like
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা
অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ। শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…”...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা
27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই। অনুবাদ কৰা...
দৰথীৰ বিষয়ে –উৎপল মেনা
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...
|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা
“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...
|| ৱাইড এংগল ||–উৎপল মেনা
“ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...
Add comment