Rupaliparda.com
মুক্তিৰ পূৰ্বেই ভাইৰেল ইমণ কল্যাণ ডেকাৰ "মোৰ বুকুৰ ফুল"- 1

মুক্তিৰ পূৰ্বেই ভাইৰেল ইমণ কল্যাণ ডেকাৰ “মোৰ বুকুৰ ফুল”-

অসমীয়া সংগীত ক্ষেত্ৰখনৰ প্ৰতিভা সমূহে প্ৰতিটো মূহুৰ্ততে তেওঁলোকৰ কোনো নহয় কোনোবাটো সৃষ্টিৰে জনসাধাৰণক বহুল ৰূপত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। EDM সংগীতৰ ঢৌৰ মাজত আন এজন জনপ্ৰিয় হৈ উঠা কন্ঠশিল্পী হৈছে ইমণ কল্যাণ ডেকা। তেওঁৰ আহিবলগীয়া “মোৰ বুকুৰ ফুল” শীৰ্ষক গীতটিয়ে মুক্তিৰ পূৰ্বেই লাভ কৰিছে জনপ্ৰিয়তা; কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত চচিয়েল মিডিয়াত হোৱা গীতটিৰ শ্বেয়াৰে আচলতে আপোনালোকক বুজাই দিব ইমণ কল্যাণ ডেকাৰ জনপ্ৰিয়তা। সংগীত ক্ষেত্ৰখনত আগবাঢ়িবলৈ পিতৃ-মাতৃৰ পৰা অনুপ্ৰেৰণা লাভ কৰা ইমণৰ বৰ্তমানৰ প্ৰতিটো সৃষ্টিৱে দৰ্শক-শ্ৰোতা বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মাতৃৰ পৰা ক্লাচিকেল গীতৰ জ্ঞান আহৰণ কৰা আৰু পিতৃৰ পৰা তবলাৰ শিক্ষা গ্ৰহণ কৰা ইমণ শৈশৱৰ পৰাই এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অসমীয়া সংগীত ক্ষেত্ৰখনত নতুনকৈ চিনাকী লাভ কৰি আদৰৰ পাত্ৰ হৈ পৰা EDM সংগীত সমূহক লৈ শ্ৰোতা-দৰ্শকৰ এক বেলেগ টান দেখিবলৈ পোৱা গৈছে। এনে গীত সমূহক আঁকোৱালি জনসাধাৰণে কৰা প্ৰশংসাইও আচলতে এনে গীত সমূহৰ সৃষ্টিৰ এক মূখ্য কাৰণ ৰূপে পৰিগণিত হৈ পৰিছে।


হিন্দী অথবা অসমীয়া গীত সমূহত নিজাববীয়াকৈ কিছু টুইষ্ট প্ৰদান কৰি ইমণে জনসাধাৰণলৈ আগবঢ়াই দিয়া গীত সমূহে তেওঁক ৰাইজৰ মাজত চিনাকী কৰোৱাত সক্ষম হৈছে। “বিদেশত আপোন মানুহ”, “নক্ষত্ৰ”, এবেলি মোক”, “মতলীয়া বতাহে” শীৰ্ষক গীত সমূহেই হৈছে ইয়াৰ এক সুন্দৰ উদাহৰণ। ইমণ কল্যাণ ডেকাৰ আহিবলগীয়া এই গীতটিয়ে মুক্তিৰ পূৰ্বেই শ্ৰোতাৰ পৰা লাভ কৰা সঁহাৰিয়ে গীতটিৰ মুক্তিৰ পিছৰ জনপ্ৰিয়তাক সুঁৱৰাই দিছে। একাংশ জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কন্ঠশিল্পীৰ গীত সমূহতকৈ নৱপ্ৰজন্মই কৰা সৃষ্টিয়ে এতিয়া লাভ কৰিছে যথেষ্ট সমাদৰ। সুৰ, সংগীতৰ সমান্তৰালকৈ গীতসমূহৰ কথাইও জনসাধাৰণক আপ্লুত কৰা দেখিবলৈ পোৱা যায়।

মুক্তিৰ পূৰ্বেই ভাইৰেল ইমণ কল্যাণ ডেকাৰ "মোৰ বুকুৰ ফুল"- 2


ইমণ কল্যাণ ডেকাৰ আহিবলগীয়া এই গীতটিৰ কন্ঠৰ লগতে পৰিচালনা আৰু কথা তেওঁৰ নিজৰেই। ইয়াত সংগীত দিছে তাবৰিডে। উক্ত এনে প্ৰতিভা সমূহে অবিৰত ভাৱে চলাই থকা প্ৰচেষ্টা লেখত ল’বলগীয়া। এটা সময়ত বহুল ৰূপত ভাইৰেল হ’বলৈ কৰা নিৰৱিচ্চিন্ন চেষ্টাই তেওঁলোকৰ সৃষ্টি সমূহক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform