সমাগত ৰঙালী; ৰঙালী বিহুৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন জনসাধাৰণ। জনসাধাৰণৰ সমান্তৰালকৈ ৰঙালীৰ বাবে সাজু হৈছে অসমীয়া শিল্পী, কলা-কুশলী। এইবাৰৰ ৰঙালীত পূৰ্বতকৈ অকণমান অধিক উৎসাহিত হোৱাটোও আচলতে গ্ৰহণযোগ্য; কিয়নো বিগত বৰ্ষৰ ক’ৰোণা সন্ত্ৰাসে দিয়া মাধমাৰৰ ফলত অসমীয়াৰ আদৰ তথা চেনেহৰ বাপতি সাহোন বিহুটিক আদৰিবলৈও পৰা নাছিল কোনেও; যিসকলৰ যেনেদৰে সম্ভৱ তেনেদৰেই বাসগৃহত আৱদ্ধ হৈ থাকি ৰঙালী উদযাপন কৰা হৈছিল। কিন্তু চলিত বৰ্ষত বিহু অনুষ্ঠান তথা সভা সমূহ অনুষ্ঠিত হোৱা সম্ভৱপৰ হৈ উঠাত কন্ঠশিল্পী সমূহেও নিজক প্ৰস্তুত কৰি তুলিছে। একোগৰাকীকৈ শিল্পী, কলা-কুশলীয়ে শেহতীয়াকৈ নিজ নামেৰে কিছু পোষ্টাৰ শ্বেয়াৰ কৰিছে; য’ত তেওঁলোকক আপোন মঞ্চ খনত পাবলৈ আপুনিও যোগাযোগ কৰিব পাৰে। বিগত বৰ্ষই মনোৰঞ্জন ক্ষেত্ৰখনত বিভীষিকাৰ সৃষ্টি কৰিছিল; স্তব্ধ হৈ পৰা এই ক্ষেত্ৰখন উঠি আহিবলৈ কিছুদিনৰ সময়ৰ প্ৰয়োজন হ’ল আৰু এতিয়া অভিনেতা-অভিনেত্ৰীৰে পৰা আৰম্ভ কৰি মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত কলা-কুশলী ব্যস্ত হৈ পৰিছে নিজ নিজ প্ৰকল্প সমূহৰ সৈতে। শিল্পী সকলক আপোনালোকেও নিশ্চয় নিজৰ কাষতেই পাবলৈ বিচাৰিছে আৰু আপোন বিহুটোত অকণমান স্ফূৰ্তিৰ অৱসাদ বিচাৰিছে। গতিকে, এই বিহুটোৰ বাবে শিল্পী সকলৰ দ্বাৰা প্ৰস্তুত কৰা পোষ্টাৰ সমূহ চাওঁচোন আহকঃ
You may also like
Triumphant Trio: Sunsilk Serum Mega Miss North East 2024 Winners Shine Bright
Meghalaya’s Ridamaya Passah to represent India at Top Model of Universe competition in Turkey. Manipur’s Monica Konjengbam to represent India at Miss Continental World competition in Thailand Guwahati; March 4, 2024:...
“কুহি” সংবাদ –উৎপল মেনা
চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা
নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত...
সংগীত নাটক অকাদেমী বঁটা ঘোষণা
ঘোষণা কৰা হ’ল সংগীত নাটক অকাদেমী ২০২২- ২৩ বৰ্ষৰ বটা সমূহ। অসমৰ বহু কেইগৰাকী সাংস্কৃতিক সাধকে এই সন্মান লাভ কৰিছে। বিশিষ্ট নাট্যকাৰ দুলাল ৰয়লৈ সংগীত নাটক অকাদেমী ফেল’ৰ সন্মান প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ...
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
Add comment