Rupaliparda.com
সমাজৰ কথালৈ আওঁকান, সমাজকেই সহায় কৰা মনোজ বৰকটকীৰ "দাই"- 1

সমাজৰ কথালৈ আওঁকান, সমাজকেই সহায় কৰা মনোজ বৰকটকীৰ “দাই”-

আপোনালোকে এইকেইদিনত এটা হৃদয়স্পৰ্শী কাহিনীৰে এখন চুটি ছবি উপভোগ কৰাৰ কথা বাৰু চিন্তা কৰিছে নেকি? তেতিয়াহ’লে আপোনালোকক এখন চুটি ছবিৰ বিষয়ে আমি ক’ব পাৰো; সেইখন হৈছে সদ্যমুক্তিপ্ৰাপ্ত মনোজ বৰকটকীৰ পৰিচালনাৰে নিৰ্মিত “দাই”। ৰঙালী বিহুৰ উছাহ-উদ্দীপনাৰ মাজতেই পৰিচালক তথা অভিনেতা মনোজ বৰকটকীয়ে দৰ্শকলৈ দিয়া উৎকৃষ্ট উপহাৰ হৈছে এই চুটি ছবিখন। “দাই” অৰ্থাৎ খুড়া; গ্ৰাম্য অঞ্চলত শুনিবলৈ পোৱা এটা শব্দ। চুটি ছবিখনত দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ আন এক প্ৰসংগ হৈছে সচৰাচৰ শুনিবলৈ পোৱা এটি প্ৰশ্নৰ উত্তৰ; “শিল্পী কোন?” অথবা “শিল্প কি?”। বহুল পৰিসৰৰ এই উত্তৰটোৰ স্বাৰ্থত পৰিচালক গৰাকীয়ে যিগৰাকী মূখ্য চৰিত্ৰৰ চিত্ৰ অংকন কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। “দাই” অৰ্থাৎ মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা দেৱী বৰকটকীৰ অভিনয়ে প্ৰতিজন দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স্বাৰ্থহীনভাৱে নিৰৱিচ্চিন্ন হৈ নিজে বাস কৰা সমাজ খনৰ প্ৰতিজন ব্যক্তিক সহায়ৰ হাত আগবঢ়োৱা দাই সকলোৰে বাবেই এগৰাকী প্ৰয়োজনীয় ব্যক্তি; যি হাতে-কামে পাকৈত হোৱাৰ সমান্তৰালকৈ তেওঁৰ সংগীত, নাটক তথা কবিতাৰ দিশটোও মজবুত। এগৰাকী “শিল্পী” ৰ যেনেদৰে নিজৰ শিল্পৰ প্ৰতি অগাধ শ্ৰদ্ধা থাকে ঠিক তেনে এগৰাকী শিল্পী দাইয়ে নিজ কৰ্ম সম্পাদন কৰি থকা সময়ছোৱাতো নাটকৰ সংলাপ তথা গীতৰ শাৰীকেইটা আওঁৰাই থকাটো যেন তেওঁৰ নিয়ম সদৃশ। বৰলা দাইক সমাজে কি কয় তাৰ প্ৰতি তেওঁ অকণো কাণ নিদি তেওঁলোকৰ বাবে কাম কৰি যোৱাটোৱেই যেন তেওঁক অইনৰ পৰা ব্যতিক্ৰম কৰি ৰাখে।

https://youtu.be/VWnr0s5Mhgk

সমাজৰ কথালৈ আওঁকান, সমাজকেই সহায় কৰা মনোজ বৰকটকীৰ "দাই"- 2


দাই তেওঁৰ ভতিজা তথা নবৌয়েকৰ সৈতে থাকে। ভতিজাৰ চৰিত্ৰত ৰঞ্জিতা বৰুৱা আৰু নবৌয়েকৰ চৰিত্ৰত বীণা পতংগীয়াই নিজ নিজ চৰিত্ৰসমূহ সুন্দৰ ৰূপত উপস্থাপন কৰাত সক্ষম হৈছে। বৰ্তমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনীত তথা পুৰস্কৃত মনোজ বৰকটকীৰ এই “দাই” চুটি ছবিখনৰ প্ৰযোজনা ভূপেন গগৈ আৰু শুবন্তি বৰকটকীৰ। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চিদা বৰা আৰু সম্পাদনা প্ৰদীপ পলৰ। চিত্ৰনাট্য লিখিছে মনোজ বৰকটকীয়ে। চুটি ছবিখনত সংযোজিত সংগীত বিভূতি গগৈৰ আৰু শব্দ ব্যৱস্থাপনা মানস প্ৰতীম গোস্বামীৰ। শব্দ সংমিশ্ৰণ হেঙুল মেধিৰ লগতে ৰং সুজিত বৰাৰ। এগৰাকী অভিনেতাৰ লগতে এগৰাকী সুদক্ষ পৰিচালক ৰূপেও জনসাধাৰণে মনোজ বৰকটকীক দেখিবলৈ পাই উৎসাহিত হয় পৰিছে। সদ্যমুক্তিপ্ৰাপ্ত “মিডনাইট চং” ত তেওঁৰ অভিনয়ৰ মজবুত দিশটো উপভোগ কৰাৰ পিছতেই এইবাৰ এগৰাকী পৰিচালক ৰূপেও তেওঁ অনুৰাগীক আপ্লুত কৰাত সক্ষম হৈছে।

সমাজৰ কথালৈ আওঁকান, সমাজকেই সহায় কৰা মনোজ বৰকটকীৰ "দাই"- 3


“দাই” ৰ দৰে একোগৰাকী ব্যক্তি বৰ্তমানেও সমাজত আছে আৰু আচলতে এনে ব্যক্তিৰ আমাৰ সমাজত প্ৰয়োজনো হৈছে। “দাই” ৰ প্ৰতিজন শিল্পী, কলা-কুশলীলৈ জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform