আজি মানুহ বিহু; হেঁপাহৰ বিহুটোৱে এইবাৰ আমাক প্ৰত্যেকগৰাকী অসমীয়াক উৎসাহিত কৰিছে কিয়নো বিগত বৰ্ষৰ ক’ৰোণা নামে বিভীষিকাটোৰ ফলত হোৱা স্তব্ধতাই প্ৰতিজন নাগৰিকৰে মানসিক তথা আৰ্থিক স্থিতি খেলি-মেলি কৰি ৰাখিছিল। এইবাৰ যদিও ক’ৰোণাৰ দ্বিতীয়টো ঢৌয়েও কিছু কিছু ৰাজ্যত গা কৰি উঠিছে তৎস্বত্বেও বৰ্তমানেও অসমত পৰিস্থিতি ভয়াৱহ হৈ উঠা নাই বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে আৰু ইয়াৰ ফলতেই শেহতীয়াকৈ প্ৰতিজন শিল্পী, কলা-কুশলীও উৎসাহিত হৈ পৰিছে আদৰৰ বিহুটোক লৈ। মুঠতে, প্ৰস্তুতি তুংগত; বিহু বুলি এযোৰ নতুন কাপোৰ লোৱাৰ ইচ্ছা কৰাৰ সমান্তৰালকৈ বিহুৱান এখন মৰমৰ মানুহ জনক দিয়াৰ বাবে শিপিনীও তাঁতশালতেই হৈ পৰিছে ব্যস্ত। এইপিনে, অসমীয়া শিল্পী সকলো ব্যস্ত হৈ পৰিছে নিজৰ অনুষ্ঠান সমূহক লৈ। এফালৰ পৰা চচিয়েল মিডিয়াত তেওঁলোকেও নিজ নিজ অনুৰাগীলৈ যাঁচিছে শুভকামনা; বিহু বুলিলেই সাতখন আঠখন হৈ পৰা অভিনেত্ৰী কেইগৰাকীও বিহু সাঁজেৰে একোখন ফটো আপলোডেৰে অনুৰাগীলৈ যাঁচিছে ৰঙালীৰ শুভকামনা। চাওঁচোন আহকঃ
You may also like
ইতি তোমাৰ: ২৯ মাৰ্চত –উৎপল মেনা
“ইতি তোমাৰ” –চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী...
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা
মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ...
সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
২০২৪ ৰ অসমীয়া চিনেমা –উৎপল মেনা
২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন...
জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা
” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...
Add comment