Rupaliparda.com
The Radio Guy ত সংযোজিত গীত 'কৈ দিয়ানা' ৰ মুক্তিৰ সাল-সলনিঃ 1

The Radio Guy ত সংযোজিত গীত ‘কৈ দিয়ানা’ ৰ মুক্তিৰ সাল-সলনিঃ

KC Digital Films ৰ বেনাৰত সদ্যমুক্তিপ্ৰাপ্ত ‘The Radio Guy’ চুটি ছবিখনে আপোনালোককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। নহয়নে? চুটি ছবিখনে এক সুকীয়া আমেজ প্ৰদান কৰিছিল দৰ্শক সমাজত। সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত শশাংক সমীৰে অভিনয়েৰে যি সুন্দৰ উপস্থাপন কৰিলে সেয়া বৰ্তমানেও জনসাধাৰণৰ মানসপাটত। এই চুটি ছবিখনতে সংযোজিত গীত ‘কৈ দিয়ানা’ ক নতুনকৈ মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছিল উক্ত প্ৰযোজনা গোষ্ঠীটোৱে। গীতটিত কথা শশাংক সমীৰৰ লগতে এই গীতটিত আন দুগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অসম সন্তান জড়িত হৈ আছে। সংগীত কৰিছে হৰজিৎ দিয়াজৰ লগতে ইয়াত কণ্ঠদান কৰিছে জয় বৰুৱাই। অভিনয় কৰিছে শশাংক সমীৰ আৰু প্ৰিয়ংকা ভৰালীয়ে। কিন্তু, শেহতীয়াকৈ গীতটিৰ মুক্তিৰ তাৰিখ সাল-সলনি কৰি সামাজিক দায়বদ্ধতাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। তেওঁ কয় যে, “আমি কিছুদিনৰ আগৰ পৰাই আপোনাক কৈ আহিছিলো যে KC DIGITAL FILMS নিৱেদিত আমাৰ শেহতীয়াকৈ আগবঢ়োৱা আপোনালোক সকলোৰে অভূতপূৰ্ব সহাৰি লাভ কৰা “THE RADIO GUY” নামৰ চুটি ছবিখনৰ একমাত্ৰ গীতটিৰ Music Videoটি আজি ১০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বিয়লি ৫ বজাত মুকলি কৰি দিম । কিন্তু আজি আমাৰ সকলোৰেই ভাৱ হৈছে যে এয়া যেন আমাৰ গীত, ছবি, নাট ইত্যাদি সমূহ মুক্তি দিয়াৰ সময় নহয়। যোৱা দুদিনৰ আগতে মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতী ঘাটৰ মাজৰ জলপৰিবহনত সংঘটিত দুৰ্ঘটনাটোত আমি সকলোৱেই অতিকৈ মৰ্মাহত হৈ পৰিছো। অকালতে হেৰুৱা ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতাৰ বিয়োগৰ লগতে এতিয়াও নিখোজ হৈ থকা লোকসকল আৰু আঘাতপ্ৰাপ্ত শিশু সকলৰ হৃদয় বিদাৰক এই সময়ে আমাক অসহায় কৰি তুলিছে।


তেওঁ আগলৈ কয় যে, “এই নিৰুপায় সময়ত আমাৰ আজিৰ মুক্তি লভিব লগীয়া “কৈ দিয়া না” গীতটি স্থগিত ৰাখিছোঁ আৰু অনাগত সময়ত ইয়াৰ খবৰ জনোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপনৰ লগতে এতিয়ালৈকে নিখোজ হৈ থকা সকলো লোক ভালে ভালে ঘৰলৈ উভতি অহাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform