Rupaliparda.com

“বন্ধুত্ব” ৰ সংজ্ঞাৰে নতুন ছবি “বন্ধু”-

“কোঁৱৰপুৰৰ কোঁৱৰ” ৰ পিছত আকৌ এবাৰ ডাঙৰ পৰ্দালৈ আহি আছে অভিনেতা নয়ন নীলিম। কলেজীয়া জীৱনৰ ওপৰত আধাৰিত এই ছবিখনৰ নাম হৈছে “বন্ধু”। আছলতে, ছবিখনৰ নামেটোৱে সুক্ষ্ম আভাষ দি গৈছে দৰ্শকক।

"বন্ধুত্ব" ৰ সংজ্ঞাৰে নতুন ছবি "বন্ধু"- 1


কন্নড় ভাষাৰ পৰিচালক চুড়িয়া চত্তিশৰ লগতে ত্ৰিদীপ লাহন আৰু অমিত জৈনৰ দ্বাৰা পৰিচালিত এই ছবিখন অসমীয়া আৰু কন্নড়; এই দুইটা ভাষাতে দৃশ্যগ্ৰহণ কৰা হৈছে। দীপক প্ৰডাকচনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখনত কলেজত ছাত্ৰ-ছাত্ৰীসকলেনো কেনেদৰে হাঁহি-মাতি কামবোৰ সমাধা কৰে তাকেই দেখুওৱা হ’ব।

"বন্ধুত্ব" ৰ সংজ্ঞাৰে নতুন ছবি "বন্ধু"- 2

ছবিখনত অভিনয় কৰিছে নয়ন নীলিম, বিবেক বৰা আৰু লগতে জ্যোতিস্মান শৰ্মাই। “বন্ধু” ছবিখনৰ টাইটেল ট্ৰেকটোৱে মুক্তি লাভ কৰি দৰ্শকৰ সমাদৰ বুটলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform