১৯৭৮ চনত মুক্তিপ্ৰাপ্ত এখন বলিষ্ঠ ছবি হৈছে “কল্লোল”। ছবিখনে সেইটো সময়ত কোনো ধৰণৰ সফলতা লাভ কৰা নাছিল যদিও ই প্ৰত্যেকজন চলচিত্ৰ প্ৰেমীৰ হৃদয়ত চিত্ৰিত। আছলতে, ছবিখনৰ আঁৰত থকা সেই বিশেষ লোক জনো আছিল সেইটো সময়ৰ এগৰাকী অতি প্ৰতিষ্ঠিত পৰিচালক ও অভিনেতা লগতে চিত্ৰনাট্যকাৰ।
অতুল বৰদলৈ; যোৰহাটত জন্মগ্ৰহণ কৰা এই লোকজন সৰুৰ পৰাই সংগীত আৰু অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃকলেজ প্ৰতিযোগিতাত অতুল বৰদলৈয়ে লাভ কৰে আধুনিক আৰু বনগীতত শ্ৰেষ্ঠ গায়কৰ সন্মান। তেওঁ অভিনেতা ৰূপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যোৰহাটৰ বিভিন্ন মঞ্চত।
ছবি পৰিচালনাৰ পূৰ্বে তেওঁ বহুকেইখন নাট ৰচনা কৰাৰ লগতে পৰিচালনাৰ লগতো জড়িত হৈছিল। সেই নাটকেইখন হৈছে ক্ৰমেঃ অক্লান্ত,বৃক্ষৰ,খোজ, ইংগিত, বিতৰ্কিত, গহৰা, খেলিমেলি,বা-মাৰলি, তেজে ধোৱা কামেং, এখন দুৱাৰ লাগে ইত্যাদি। ইয়াৰ লগতে তেওঁ হোমাৰৰ বিশ্ববিখ্যাত মহাকাব্য “ইলিয়াড ওডিচি” আৰু ড° লক্ষ্মীনন্দন বৰাৰ উপন্যাস “পাতাল ভৈৰৱী” ক নাট্যৰূপ দিছিল।
অতুল বৰদলৈ ছবি পৰিচালনাৰ সৈতে প্ৰায় ৭০ দশকৰ পৰাহে জড়িত হৈ পৰিছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত ছবি “অপেৰাজয়” ত থকা মুঠ চাৰিগৰাকী পৰিচালকৰ ভিতৰত এজন আছিল অতুল বৰদলৈ। ইয়াৰ পিছত অতুল বৰদলৈৰ দ্বাৰা চিত্ৰনাট্য লিখা তথা তেওঁৰ দ্বাৰা পৰিচালিত ছবিকেইখন হ’ল বনৰীয়া ফুল, কল্লোল, অনুতাপ, মেঘ, গ্ৰহণ, দৃষ্টি আৰু চিঞৰ। “দৃষ্টি” আৰু “চিঞৰ” ছবি দুখনে চেঞ্চৰ লাভ কৰিছিল যদিও ই চিত্ৰগৃহত মুক্তি লাভ কৰা নাছিল।
২০০৮ বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী/ছিলঙৰ জীৱনৰাম মুংগী দেৱী দাতব্য নাসে জীৱনজোৰা সাধনা বঁটা আগবঢ়ায় এই গৰাকী স্বনামধন্য শিল্পীলৈ।
Add comment