চলিত বৰ্ষটোত ইটোৰ পিছত সিটো বেয়া খবৰে শোকাহত কৰি তুলিছে প্ৰত্যেককে। বলীউড ক্ষেত্ৰখনে বিগত কেইবামাহৰ পৰাই যেন একোজন দক্ষ প্ৰতিভাৰ মৃত্যুৰহে খবৰ শুনিছে। আজি ভাৰবৰ্ষৰ প্ৰথম গৰাকী অস্কাৰ বিজেতা তথা কষ্টিউম ডিজাইনাৰ ভানু অথেয়াই নিজ বাসগৃহত শেষ উশাহ লয়। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত “চিআইডি” ছবিখনৰ পৰা এই গৰাকী ডিজাইনাৰে নিজ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৩ চনত মুক্তি লাভ কৰা “গান্ধী” ছবিখনত কৰা কষ্টিউম ডিজাইনিঙৰ বাবে ভানুয়ে লাভ কৰিছিল অস্কাৰ । ৰাজ কাপুৰ, য়শ চোপ্ৰা, আশুতোষ গোৱাৰিকৰৰ দৰে কেইবাগৰাকীও অভিনেতাৰ কষ্টিউম ডিজাইন কৰিছিল। দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগি থকা ভানু অথেয়াই নিজ ৯১ বছৰত ইহলীলা সম্বৰণ কৰে।
You may also like
“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা
এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী...
Triumphant Trio: Sunsilk Serum Mega Miss North East 2024 Winners Shine Bright
Meghalaya’s Ridamaya Passah to represent India at Top Model of Universe competition in Turkey. Manipur’s Monica Konjengbam to represent India at Miss Continental World competition in Thailand Guwahati; March 4, 2024:...
এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা
চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা
ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰীৰ কাহিনীৰে নিৰ্মিত চিনেমা ‘জিয়া’ই মুক্তিৰ পূৰ্বেই অসমত চৰ্চা লাভ কৰিছে। বৰ্তমানৰ সমাজ ব্যৱস্থাটোত অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত।...
অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ –উৎপল মেনা
“স্থানীয় বজাৰ” সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই “বজাৰ কেন্দ্ৰীক চিনেচিন্ত”ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে “স্থানীয়...
Add comment