Rupaliparda.com
একাংশ নৱপ্ৰজন্মৰ স্বাধীন প্ৰচেষ্টাৰে এটি নতুন হিন্দী গীত "Zindagi"- 1

একাংশ নৱপ্ৰজন্মৰ স্বাধীন প্ৰচেষ্টাৰে এটি নতুন হিন্দী গীত “Zindagi”-

অসম খনৰ প্ৰতিটো চুক-কোণ প্ৰতিভাৰে ভৰি আছে; এই কথাটোক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। আমি ইতিমধ্যে এনে বহু নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ উদাহৰণ পাইছো যিসকলৰ অসমীয়া ভাষাটোৰ সমান্তৰালকৈ দখল থকা দেখিবলৈ পোৱা যায় হিন্দী ভাষাটোৰ ওপৰতো। হিন্দী ভাষাত একোটি গীতৰ মুকলি কৰি গীতটোৱে লাভ কৰা শ্ৰোতা-দৰ্শকৰ সমাদৰো আমি সময়ে সময়ে দেখি আহিছো। এনেপৰিপ্ৰেক্ষিততে, একাংশ অসমীয়া নৱপ্ৰজন্মই নিজ প্ৰতিভাক কেৱল মাত্ৰ অসমখনতেই সীমাৱদ্ধ কৰি নাৰাখি ইয়াক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰাৰ বাবে কৰা প্ৰয়াস আদৰণীয়। আগন্তুক সময়ত মুক্তিপাবলগীয়া এটি গীত “Zindagi” ক লৈ আকৌ এবাৰ সচেতন মহলত আৰম্ভ হৈছে চৰ্চাৰ। স্বাধীনভাৱে নিৰ্মাণ কৰি উলিওৱা এই গীতটিক মুক্তি দিয়া হ’ব ৰাষ্ট্ৰীয় ক্ষেত্ৰত। উদ্যোগিক কেইগৰাকীমান যুৱক যুৱতীৰ এনে প্ৰচেষ্টাই বৰ্তমান অসমীয়া জনসাধাৰণক বিভিন্ন সময়ত গৌৰন্বম্বিত কৰিবলৈ সক্ষম হৈছে। গীতটিক লৈ আন এক ভাল লগা বিষয় এয়াও যে “Zindagi” ত কন্ঠদান কৰিছে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৱান কন্ঠশিল্পী এগৰাকীয়ে। ইতিমধ্যে চচিয়েল মিডিয়াত নিজ কন্ঠৰ বাবেই কেইবাবাৰো ভাইৰেল হৈছে কন্ঠশিল্পী গৰাকী। কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত কন্ঠশিল্পী প্ৰতীক্ষা গগৈৰ কন্ঠৰে মুক্তিৰ বাবে সাজু হৈছে “Zindagi”। লগতে, সংগীত পৰিচালনা মৃন্ময় কলিতাৰ; সংগীতৰ দিশটোত বিগত বহু দিনৰ পৰাই জড়িত মৃন্ময়ৰ পৰিচালনাৰে পোনপ্ৰথমবাৰৰ বাবে শ্ৰোতা দৰ্শকে উপভোগ কৰিবলৈ উক্ত গীতটি। ইয়াত কথা ৰাকেশ ৰোশনৰ আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ইবচন লাল বৰুৱা। মিউজিক প্ৰডাকচনৰ দায়িত্বত আছে সুদৰ্শন বৰকটকী। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে আন এখন চিনাকী মুখে; তেওঁৰ পৰিচালনাও ইতিমধ্যে আমি সকলোৱে উপভোগ কৰিবলৈ সক্ষম হৈছো। অবিনাশ ভূঞা; নৱপ্ৰজন্মৰ এইগৰাকী পৰিচালক লগতে কন্ঠশিল্পী গৰাকীৰ বিভিন্ন প্ৰকল্পক আমি অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত দেখিছো। আনহাতে, গীতটিত অভিনয় কৰিছে দৰথী ভৰদ্বাজে।

একাংশ নৱপ্ৰজন্মৰ স্বাধীন প্ৰচেষ্টাৰে এটি নতুন হিন্দী গীত "Zindagi"- 2

জীৱন অৰ্থাৎ “Zindagi”; এই “জীৱন” নামৰ নাটক খনত সকলোৱে নিজৰ নিজৰ চৰিত্ৰৰে অভিনয় কৰি আছে; যেতিয়াই নিজৰ চৰিত্ৰটোৰ যৱনিকা পৰিব তেতিয়াই ব্যক্তিজন এই জীৱনৰ আটাইবোৰ মায়া-মোহৰ পৰা ফালৰি কাটি শেষ নিশ্বাস ত্যাগ কৰি পেলাব। উক্ত গীতটিৰ নামটোতেই আচলতে সন্নিৱিষ্ট হৈ আছে গীতটিৰ সাৰমৰ্ম। নৱপ্ৰজন্মৰ প্ৰায় সৃষ্টিত দেখিবলৈ পোৱা নতুনত্বৰ দৰেই আহিবলগীয়া এই গীতটিৰ কনচেপ্টো হৈছে কিছু ব্যতিক্ৰমী। গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে অৰুনাভ দত্ত আৰু ৰক্তিম দুৱৰাই লগতে গীতটিৰ সম্পাদনা তথা কলা নিৰ্দেশনা অৰুনাভ দত্তৰ। গীতটিৰ মুক্তিৰ তাৰিখ এতিয়ালৈ জনোৱা হোৱা নাই যদিও জানিব পৰা মতে, অহা ডিচেম্বৰ মাহত গীতটিয়ে লাভ কৰিব মুক্তি। বলীউড গীত নহ’লেও এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে এটি হিন্দী গীতত কন্ঠদান কৰিবলৈ আগবাঢ়ি অহা কথাটোক লৈয়ে এতিয়া প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা অপেক্ষাৰত।

একাংশ নৱপ্ৰজন্মৰ স্বাধীন প্ৰচেষ্টাৰে এটি নতুন হিন্দী গীত "Zindagi"- 3


“বৰনদী ভঁটিয়ায়” ৰ দৰে এখন জনপ্ৰিয় অসমীয়া ছবিত কৰা অভিনয়েৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হোৱা দৰথী ভৰদ্বাজক এতিয়ালৈ কেইবাটাও অইন মিউজিক ভিডিঅ’ লগতে চুটি ছবিত দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform